NORTHEAST NOW (Assamese)
অসম

ধোনীয়ে ঘৰত বহি নহয়, খেলপথাৰৰ পৰা কৰিব লাগিছিল অৱসৰৰ ঘোষণা : ইনজামাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2020 9:46 am
Mahendra Sing Dhoni

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনীক লৈ এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া।

ক্ৰিকেট বিশেষজ্ঞসকলে বিভিন্ন মন্তব্য প্ৰদান কৰাৰ পিছত এইবাৰ পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম উল হকে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে।

ইনজামামে কয়, ‍‘ধোনীৰ দৰে এগৰাকী মহান খেলুৱৈয়ে ঘৰত বহি অৱসৰৰ কথা ঘোষণা কৰিব নালাগিছিল, তেওঁ খেলপথাৰৰ পৰাই কৰিব পাৰিলেহেঁতেন৷ এই কথা মই শচীন টেণ্ডুলকাৰকো কৈছিলো আৰু ধোনীয়েও তেনেকুৱা কৰিব পাৰিলেহেতেন’৷

‍‘ধোনীৰ যথেষ্ট ফল’ৱাৰ আছে আৰু মই তেওঁক ভাৰতৰ সর্বশ্রেষ্ঠ অধিনায়ক বুলি ভাবোঁ৷’– পাকিস্তানৰ প্রাক্তন বেটছমেন ইনজামাম উল হকে মহেন্দ্র সিং ধোনীৰ আকস্মিক অৱসৰ ঘোষণাৰ পাছত কয় এইদৰে৷

উল্লেখ্য যে ধোনীৰ নেতৃত্বতেই ভাৰতে দুটাকৈ আই চি চি বিশ্ব কাপ ট্রফিৰ লগতে চেম্পিয়নছ ট্রফী দখল কৰিছিল৷ ইফালে, ধোনী অধিনায়ক হিচাপে থাকোঁতেই ভাৰতে টেষ্ট ৰেংকিঙৰ শীর্ষ দল হিচাপেও পৰিগণিত হৈছিল ২০০৯ চনত৷

শ্রেষ্ঠ ফিনিছাৰ হিচাপে খ্যাত ধোনীৰ সম্পর্কত ইনজামামে কয় যে সুৰেশ ৰাইনা আৰু ৰবিচন্দ্রন আছৱিন আদিৰ দৰে আন বহু খেলুৱৈ সৃষ্টি কৰিছে ধোনীয়ে।

স্মৰ্তব্য যে ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও তেওঁক ২৮ ছেপ্তেম্বৰৰ পৰা চলিব লগীয়া আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ ফিল্ডত দেখা পোৱা যাব।