NORTHEAST NOW (Assamese)

‘ধিং এক্সপ্ৰেছ’ হিমা দাস কোভিডত আক্ৰান্ত

October 13, 2021 1:35 pm · এন ই নাও নিউজ,গুৱাহাটী

অসম কন্যা হিমা দাস কোভিডত আক্ৰান্ত হৈছে। সম্প্ৰতি পাটিয়ালায়াত থকা হিমা কোভিডত আক্ৰান্ত বুলি নিশ্চিত হোৱাৰ পিছতে তেওঁক আইছ’লেছনত ৰখা হৈছে।

বৰ্তমান ধিং এক্সপ্ৰেছ হিমা দাসৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য অসম কন্যা হিমা দাসে অলিম্পিকত খেলি দেশৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিব বুলি সকলোৱে কৈছিল।

পাটিয়ালাত আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত খেলি থাকোতেই হিমা দাস বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।

সেয়ে অলিম্পিকত হিমাই ভাগ ল’ব পৰা নাছিল।

পাটিয়ালাত আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত ১০০ মিটাৰৰ দৌৰ দৌৰি থকাৰ সময়তে হিমা আঘাতপ্ৰাপ্ত হৈছিল।

Related News