NORTHEAST NOW (Assamese)

‘স্প’ৰ্টছ ৱ’মেন অৱ দ ইয়াৰ’ হ’ব পাৰে অসমৰ হিমা

January 25, 2019 10:32 pm · এন ই নাও নিউজ
Updated: January 25, 2019 11:09 pm
স্প’ৰ্টছ্স্তাৰৰ ছবি।

দেশৰ আটাইতকৈ প্ৰসিদ্ধ আৰু জনপ্ৰিয় ক্ৰীড়া আলোচনী স্প’ৰ্টছস্তাৰ-ৰ “স্প’ৰ্টছ ৱ’মেন অৱ দ ইয়াৰ” বঁটাৰ বাবে মনোনীত হৈছে অসম কন্যা হিমা দাস।

২০১৮ বৰ্ষৰ বাবে ত্ৰেক এন্দ ফিল্দ শাখাৰ স্প’ৰ্টছ ৱ’মেন অৱ দ ইয়াৰ ৰূপে এছিয়ান গে’মছকে ধৰি কেইবাখনো প্ৰতিযোগিতাত পদক বোটলা হিমাক মনোনীত কৰিছে আলোচনীখনে।

সৰ্বাধিক ভোট পোৱা দুগৰাকীৰ মাজৰ পৰা এগৰাকীক জুৰিয়ে এই সন্মান আগবঢ়াব। সন্মানীয় বঁটাটোৰ জুৰিৰ সদস্যৰূপে আছে প্ৰাক্তন ক্ৰিকেট তাৰকা সুনীল গাভাস্কাৰ।

জুৰিৰ সদস্য হৈছে ভাৰতীয় হকি দলৰ প্ৰাক্তন অধিনায়ক এম এম সৌম্যা, শ্বুটাৰ অঞ্জলী ভাগৱত, অলিম্পিয়ান লং জাম্পাৰ অঞ্জু ববি জৰ্জ আৰু দ হিন্দু গ্ৰুপৰ সঞ্চালক এন ৰাম।

বৰ্তমান দিজিতেল ৰূপতো উপলব্ধ আলোচনীখনে ত্ৰেক এন্দ ফিল্দৰ উপৰিও ক্ৰিকেটকে ধৰি আন ৯টা শাখাটো বঁটাতো আগবঢ়াব।

তাৰোপৰি জুৰিৰ নিৰ্বাচন মতে আন ৬টা শাখাতো স্প’ৰ্টছস্তাৰ এ’ছেছ ৰূপে বিখ্যাত বঁটাসমূহ আগবঢ়াব।

ভাৰতৰ প্ৰখ্যাত সংবাদ গোষ্ঠী দ হিন্দু গ্ৰুপে ১৯৭৮ চনৰ পৰা সাপ্তাহিকৰূপে প্ৰকাশ কৰা আলোচনীখনৰ এইটো ৪০ সংখ্যক বৰ্ষ।

Related News