NORTHEAST NOW (Assamese)

হিমা দাসৰ কেৰিয়াৰ সন্দৰ্ভত AFI-এ ল’লে এটা ডাঙৰ সিদ্ধান্ত

February 17, 2020 6:57 pm · এন ই নাও নিউজ
হিমা দাসৰ ফাইল ফটো।উৎস-ইণ্টাৰনেট

২০ বছৰ অনূৰ্ধ্বৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু এছিয়ান গেইমছত ৰূপৰ পদক অৰ্জনেৰে এথলেটিকছ জগতত চাঞ্চল্যৰ সৃষ্টি কৰা অসম কন্যা হিমা দাসে ৪০০ মিটাৰৰ বিপৰীতে ২০০ মিটাৰত অধিক মনোনিৱেশ কৰাৰ সিদ্ধান্ত লৈছে।

টকিঅ’ অলিম্পিকৰ ৪০০ মিটাৰত হিমাৰ কোৱালিফায়িঙৰ আশা ক্ষীণ হৈ পৰাত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে পিঠিৰ আঘাতৰ বাবে ‘ধিং এক্সপ্ৰেছ’ৰূপে খ্যাত হিমাই যোৱা বৰ্ষত দোহাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ লগতে কেইবাখনো আগশাৰীৰ চেম্পিয়নশ্বিপত অংশ ল’ব নোৱাৰিলে।

এথলেটিকছ ফেডাৰেশ্যন অব ইণ্ডিয়া (এ এফ আই)ৰ হাই-পাৰ্ফৰমেন্স ডিৰেক্টৰ ভল্কাৰ হাৰমানে কয় যে অলিম্পিক কোৱালিফায়াৰৰ বাবে মাত্ৰ চাৰে চাৰিমাহ বাকী থকা অৱস্থাত এ এফ আইয়ে যোৱা বৰ্ষত কৰা ভুলৰ পুনৰাবৃত্তি কৰিব খোজা নাই।

‘হিমাক যদি ৪০০ মিটাৰত অংশগ্ৰহণ কৰিব দিয়া হয় তেন্তে তেওঁৰ ওপৰত অধিক বোজা জাপি দিয়া হ’ব আৰু এ এফ আইয়ে এয়া কৰিব বিচৰা নাই’, ভল্কাৰৰ উদ্ধৃতিৰে ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে।

‘তাই এতিয়াও বহু সৰু আৰু আমি কোনো ধৰণৰ দৌৰাদৌৰি কৰিব বিচৰা নাই’, ভল্কাৰে লগতে কয়।

ইয়াৰ উপৰি তেওঁ কয়, ‘এই বৰ্ষত, যুৱ এথলীটগৰাকীয়ে ২০০ মিটাৰতে অধিক মনোনিৱেশ কৰিব’।

২০০ মিটাৰ শাখাত হিমাৰ ব্যক্তিগত প্ৰদৰ্শন উন্নত কৰাই প্ৰধান লক্ষ্য বুলি ভল্কাৰে সদৰী কৰে।

ভল্কাৰে লগতে ২০২১ চনৰ পৰা হিমা সম্পূৰ্ণৰূপে সুস্থ হৈ পুনৰ ৪০০ মিটাৰত মনোনিৱেশ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে এ এফ আইৰ মুখ্য প্ৰশিক্ষক বাহাদুৰ সিং, উপ মুখ্য নিৰ্বাচক ৰাধাকৃষ্ণন মায়াৰ, ৪০০ মিটাৰৰ প্ৰশিক্ষক গলিনা বুখাপিনা আৰু হাৰমানে হিমা সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়।

২০০ মিটাৰত হিমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ২৩.১০ চেকেণ্ড। এই শাখাত অলিম্পিক কোৱালিফায়াৰ সময় হৈছে ২২.৮০ চেকেণ্ড।

Related News