NORTHEAST NOW (Assamese)
Popular Stories

স্বৰ্ণকন্যা হিমা : কোনে কেনেকৈ জনালে অভিনন্দন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2019 6:53 pm
স্বৰ্ণকন্যা হিমা : কোনে কেনেকৈ জনালে অভিনন্দন?

নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশবাসীৰ নয়নৰ মণি হৈ পৰিছে অসম কন্যা হিমা দাস। ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীকে ধৰি দেশৰ চলচ্চিত্ৰ তথা ক্ৰীড়া জগতৰ শীৰ্ষস্থানৰ তাৰকাসকলৰ অভিনন্দন আৰু মৰমেৰে উপচি পৰিছে হিমাৰ টুইটাৰ হেণ্ডেল।

অভিনন্দন জনোৱা সকলৰ ভিতৰত আছে বলিউডৰ স্বনামধন্য অভিনেতা অমিতাভ বচ্চন। টুইটাৰ যোগে অভিনেতা গৰাকীয়ে হিমাক ভুয়সী প্ৰসংশা কৰে।

ইয়াৰ উপৰি বলিউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মায়ো হিমাক অভিনন্দন জনাই টুইট কৰে।

আনহাতে অভিনন্দৰ বাবে অনুষ্কাক ধন্যবাদ জনাই হিমাই দিয়া টুইটৰ পুনৰ ৰিপ্লাই দি অভিনেত্ৰী গৰাকীয়ে নিজকে হিমাৰ বিগ ফেন বুলি কয়।

একেদৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়েও হিমাক অভিনন্দন আৰু অনাগত দিনৰ শুভেচ্ছা জনায়।

ইয়াৰ উপৰি ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কিপাৰ ঋষভ পন্তে দৌৰ ৰাণী হিমাক অভিনন্দন জনাই কৰে টুইট।

লগতে পঢ়ক স্বৰ্ণকন্যা হিমাৰ সাফল্যত ৰাষ্ট্ৰপতিকে ধৰি দেশৰ তাৰকা-মহাতাৰকাৰ শুভেচ্ছা