NORTHEAST NOW (Assamese)
অসম

১০ ছেপ্টেম্বৰত লতাশিল খেলপথাৰত হিমা দাসক আছুৰ ৰাজহুৱা অভিনন্দন

Posted by: এন ই নাও নিউজ September 7, 2018 7:54 am
36990036_2165670300334609_6433588519502872576_n-570x320

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অহা ১০ ছেপ্টেম্বৰত লতাশিল খেলপথাৰত দৌৰৰাণী হিমা দাসক ৰাজহুৱাভাৱে অভিনন্দন জনোৱা হ’ব। আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ-ৰূপৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাস ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদিকা।

১০ ছেপ্টেম্বৰত গুৱাহাটীৰ লতাশিল খেলপথাৰত দিনৰ ৩ বজাৰ পৰা এই ৰাজহুৱা অভিনন্দন অনুষ্ঠান আৰম্ভ হ’ব। আছুৱে এই অভিনন্দন অনুষ্ঠানৰ কেৱল উদ্যোগহে লৈছে। এই অনুষ্ঠানত সকলো অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সংগঠনে হিমা দাসক অভিনন্দন জনাব পাৰিব।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এই অনুষ্ঠানত সকলোকে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

আনহাতে, ধিং এক্সপ্ৰেছ হিমা দাস আহি গোপীনাথ বৰদলৈ বিমান কোঠত পদাৰ্পণ কৰাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁক উষ্ম আদৰণি জনোৱা হ’ব। অসম চৰকাৰে হিমা দাসক বিমান কোঠৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱাৰ পথত বিভিন্ন স্থানত ছাত্ৰ সন্থাৰ উদ্যোগত ৰাইজে দৌৰৰাণীগৰাকীক অভিনন্দন জনাব।

ইপিনে অসম চৰকাৰে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অভিনন্দন অনুষ্ঠানতো ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে দৌৰ ৰাণী অসম কন্যা গৰাকীক সম্বৰ্দ্ধনা জনাব।