NORTHEAST NOW (Assamese)

হিমন্তক মুখ্য মন্ত্ৰী বনাব আজমলে ||Video||

November 28, 2018 8:06 pm · অপৰ্ণা লস্কৰ
Updated: November 28, 2018 8:21 pm
হিমন্ত বিশ্ব শৰ্মা। ছবি- টুইটাৰৰ পৰা।

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মুখ্য মন্ত্ৰীৰ আসনখনৰ সদাচৰ্চাৰ মাজতে এইবাৰ মন্ত্ৰীজনৰ মুখ্য মন্ত্ৰিত্বত ‘‘সমৰ্থন” আগবঢ়াইছে এ আই ইউ দি এফ মুৰব্বী বদৰুদ্দিন আজমলে।

কাছাৰ জিলাৰ বাঞ্চকান্দিত পঞ্চায়ত নিৰ্বাচনৰ এক প্ৰচাৰ সভাত বুধবাৰে এই প্ৰস্তাৱ আগবঢ়াইছে হিমন্ত বিশ্ব আখ্যায়িত “জাতীয় শত্ৰু” আজমলে।

শৰ্মাৰ মুখ্য মন্ত্ৰিত্বৰ সমৰ্থনৰ বাটত এ আই ইউ দি এফ মুৰব্বীজনে ৰাখিছে কেৱল এটা চৰ্ত– “বিজেপি ত্যাগ”। “বিজেপি দল এৰি আহা। বাংলাদেশৰ পৰা বিদেশী আমদানিৰে অসমৰ সভ্যতা-সংস্কৃতিলৈ ধ্বংস নমাই অনাৰ প্ৰয়োজন নাই। তুমিয়ে মুখ্য মন্ত্ৰী হোৱা। আমি তোমাক সমৰ্থন দিম,” শৰ্মালৈ এই “আহ্বান” আজমলৰ।

মুখ্য মন্ত্ৰী হোৱাৰ কোনো হাবিয়াস নাই বুলি ঘোষণা কৰি তেওঁ কয় মুছলমান বদৰুদ্দিনে দিচপুৰত ক্ষমতা দখল কৰিব বুলি প্ৰচাৰ কৰি বিজেপি তথা মন্ত্ৰী শৰ্মাই “হিন্দু ভাইসকলক উচতনি দিছে”।

“নিজে মুখ্য মন্ত্ৰী হ’ব নোৱাৰি” মন্ত্ৰী শৰ্মাই এই পথ লোৱা বুলিও সভাখনত মন্তব্য কৰে এ আই ইউ দি এফ নেতাজনে। “মইতো কেতিয়াও (মুখ্য মন্ত্ৰী হোৱাৰ কথা) কোৱা নাই,” আজমলৰ মন্তব্য।

Related News