NORTHEAST NOW (Assamese)
অসম

হিমন্তকো ৰামঠগন দিলে নেকি বিজেপিয়ে? “নেডা”ৰ নেতা হিচাপে এখনো ৰাজ্যত প্ৰচাৰৰ দায়িত্ব নাপালে

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক April 13, 2019 7:49 pm
Himanta_Biswa_Sarma_briefing_media_at_his_office_dispur

মন্ত্ৰী হিমন্ত বিশ্বৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ স্বপ্নৰ বাটত বাধা হৈ থিয় হোৱা “নেডাৰ দায়িত্ব”ক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলত।

উত্তৰ-পূবত অসমক বাদ দি আন ৰাজ্যবোৰত ১১ এপ্ৰিলত নিৰ্বাচন পাৰ হৈ গ’ল যদিও মন্ত্ৰী হিমন্তক অসমৰ চাৰিসীমাই পাৰ হোৱা দেখা নগ’ল।

নিৰ্বাচনৰ আগে আগে বিজেপিয়ে উত্তৰ-পূবত ইয়াৰ ৰাজনৈতিক সন্তান নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েন্স বা নেডাৰ আহ্বায়ক হিচাপে হিমন্তৰ গধুৰ নিৰ্বাচনী দায়িত্বৰ কথা উল্লেখ কৰিছিল।

তেজপুৰ সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ মন্ত্ৰীজনৰ ইচ্ছাৰ সৈতে সকলো কচৰত ৰাষ্ট্ৰীয় নেতৃত্বৰ দ্বাৰা নাকচ কৰা হৈছিল সেই গধুৰ দায়িত্বৰ দোহাই দি। কিন্তু কাৰ্য্যতঃ মন্ত্ৰীজনে কেৱল অসমৰে দুটামান সমষ্টিৰ বাদে ক’তো কাৰো হৈ প্ৰচাৰ নচলালে। প্ৰশ্ন হৈছে, সঁচাকৈয়ে বিজেপিয়ে হিমন্তক তেনে দায়িত্ব দিছিল নে?

“সমগ্ৰ উত্তৰ-পূবৰ গধুৰ দায়িত্ব” এটা অজুহাত হৈ পৰিছিল নেকি হিমন্তক ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা দূৰত ৰখাৰ বাবে?

উল্লেখ কৰিব পাৰি, দলটোৰ এজন সাংসদ নগাওঁ সমষ্টিৰ ৰাজেন গোহাঁয়ে টিকট নোপোৱাৰ পিছত ঠগ খোৱা বুলি স্বীকাৰ কৰিছিল। মন্ত্ৰী হিমন্তকো ৰামঠগন দিলে নেকি দলটোৱে? গোটেই ৰাজ্যকেইখনৰ নিৰ্বাচনী ৰণকৌশল আৰু প্ৰচাৰৰ গধুৰ দায়িত্ব দিয়া বুলি প্ৰচাৰ কৰাৰ পিছতো অসমৰ বাদে কোনো এখন ৰাজ্যতে এখনো নিৰ্বাচনী সভালৈ নোযোৱাত সেই প্ৰশ্নই হৈছে।

আনহাতে, লোকসভা নিৰ্বাচনত প্ৰায় নিশ্চিহ্ন হৈ পৰিছে উত্তৰ-পূবক ‘কংগ্ৰেছমুক্ত’ কৰাৰ স্বপ্নৰে বিজেপিৰ উদ্যোগত গঠিত ‘নেডা’। সমান্তৰালভাৱে আন ৰাজ্যত নেডাৰ আহ্বায়ক হিমন্ত বিশ্বৰ যে গুৰুত্ব শূন্য হৈ পৰিল তেওঁক কোনেও এখন সভালৈও নমতাতেই এই কথা স্পষ্ট হৈছে।

প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ আগত ঘাইকৈ অসমৰ কলিয়াবৰ আৰু তেজপুৰ সমষ্টিতে অধিক ব্যস্ত থকা দেখা গ’ল মন্ত্ৰীজনক।

তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল ৰাজ্যিক বিজেপিৰ পেনেলত তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে একমাত্ৰ তেওঁৰ নাম পঠোৱাৰ পাছতো দলৰ কেন্দ্ৰীয় নেতৃত্বই নাকচ কৰাত দুদিন পিছলৈকে ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছিল হিমন্তই।

তাৰ পিছতেই ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এটা টুইট যোগে ঘোষণা কৰিছিল যে সমগ্ৰ উত্তৰ-পূবৰ বিজেপি আৰু মিত্ৰ দলবোৰৰ প্ৰাৰ্থীসকলক জিকাই নিয়াৰ দায়িত্ব আছে হিমন্তৰ ওপৰত। সেই বাবেই তেওঁক টিকট দিয়া হোৱা নাই।

কোনোমতে সান্ত্বনাৰ এটা সুযোগ পোৱাৰ পিছত অমিত শ্বাহক ধন্যবাদ দি হিমন্তই নিজৰ টুইটত হিন্দীতে লিখিছিল “आपने जो भरोसा जताया है, उसके लिए कृतज्ञ हूँ।…”

কিন্তু আশ্চৰ্য্যকৰভাৱে অসমক বাদ দি অঞ্চলটোৰ এখনো ৰাজ্যত প্ৰথম পৰ্য্যায়ত প্ৰচাৰৰ দায়িত্ব নাপালে ‘উত্তৰ-পূবৰ দায়িত্ব ন্যস্ত’ হিমন্ত বিশ্ব শৰ্মাই।

প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছতে ৰাজনৈতিক মহলত বিষয়টো চৰ্চা হৈছে। প্ৰশ্ন উঠিছে, সংসদীয় ৰাজনীতিৰ বাবে মন মেলিয়েই বাধা পোৱা হিমন্ত বিশ্ব শৰ্মাক কেৱল সান্ত্বনাবাণী হিচাপেহে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই উত্তৰ-পূবৰ দায়িত্বৰ কথা কৈছিল নেকি?

ইপিনে ২০১৬ চনৰ ২৪ মে’ত উত্তৰ-পূবৰ কংগ্ৰেছ বিৰোধী শক্তিক একত্ৰিত কৰিবলৈ বিজেপিয়ে ৮ ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলক লৈ গঠন কৰা “নেডা” তিনিবছৰ নৌহওঁতেই লোকসভা নিৰ্বাচনতে অৰ্থহীন হৈ পৰা দেখা গ’ল। কাৰণ অসমৰ বাদে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যতেই নেডাৰ অন্তৰ্ভুক্ত দলেই বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

অৰুণাচল প্ৰদেশত দেখা পৰিস্থিতি তাতকৈও গম্ভীৰ। নেডাৰ অংশীদাৰ নেশ্যনেল পীপলচ পাৰ্টিৰ সদস্য আৰু বিজেপি সদস্যৰ মাজৰ সংঘাতত উত্তপ্ত হয় ৰাজ্যখনৰ ৰাজনীতি।