NORTHEAST NOW (Assamese)
অসম

বেডমিন্টন এছিয়া কাউন্সিলৰ উপ সভাপতি পদলৈ নিৰ্বাচিত ড০ হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ May 26, 2019 3:35 pm
himanta-biswa-sarma

ভাৰতীয় বেডমিন্টন সংস্থাৰ সভাপতি ড০ হিমন্ত বিশ্ব শৰ্মা বেডমিন্টন এছিয়া কাউন্সিলৰ উপ সভাপতি পদলৈ নিৰ্বাচিত হৈছে। শনিবাৰে অনুষ্ঠিত নিৰ্বাচনত শৰ্মাই ভোটদান হোৱা মুঠ ৪০ টা ভোটৰ ৩৫ টা ভোট লাভ কৰে।

অসমৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী পঞ্চাশ বছৰীয়া হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰ গোৱাত অনুষ্ঠিত ভাৰতীয় বেডমিন্টন সংস্থাৰ বাৰ্ষিক সাধাৰণ সভাৰ সময়ত সৰ্বসন্মতভাৱে সংস্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

‘’ভাৰতীয় বেডমিন্টন সংস্থাৰ সভাপতিগৰাকীয়ে মহাদেশখনৰ কমিটিখনত স্থান লাভ কৰিলে আৰু আমি নিশ্চিত যে ই ভাৰতীয় বেডমিন্টন সংস্থাক এছিয়ান সংস্থাটোৰ সমৰ্থন লাভ কৰাৰ লগতে অঞ্চলটোত বেডমিন্টনৰ বিকাশত কাম কৰাত সহায় কৰিব,’’- ভাৰতীয় বেডমিন্টন সংস্থাৰ সাধাৰণ সম্পাদক অজয় সিংহানিয়াই এইদৰে কয়।

ড০ শর্মাৰ উপৰি ভাৰতীয় বেডমিন্টন সংস্থাৰ সম্পাদক (প্ৰতিযোগিতা) ওমৰ ৰছিদক বেডমিন্টন এছিয়াৰ উন্নয়ন সমিতিৰ উপাধ্যক্ষ হিচাপে বেডমিন্টন এছিয়া কাউন্সিলৰ সভাপতি এন্টন ছুব’উৱে নিযুক্তি দিয়ে।

আনহাতে, বেডমিন্টন এছিয়া কাউন্সিলৰ কাৰিকৰী সমিতিৰ উপাধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰিছে সুধাকৰ ভেমুৰীয়ে।