NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

August 23, 2025 10:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 23, 2025 9:22 pm

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শেহতীয়াকৈ মাদানীয়ে অসমত চলি থকা উচ্ছেদ অভিযানৰ তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীক পদচ্যুত কৰাৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ পিছতে শনিবাৰে জাগীৰোডত আয়োজিত এক বৃহৎ জনসভাত মুখ্যমন্ত্ৰীয়ে হুংকাৰ দি মাদানীক কয়, “মই মাহমুদ মাদানীক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছো। তেওঁক পালে বাংলাদেশলৈ পঠিয়াম। এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ, বীৰ্য আৰু সাহস আছে।

তেওঁ লগতে উল্লেখ কৰে যে, “মই শিক্ষামন্ত্ৰী থাকোতে মাদানীয়ে তৰুণ গগৈৰ সৈতে মিলি টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ আমাৰ এজন অফিচাৰক কন্দুৱাইছিল। সেই অফিচাৰ এতিয়াও অসমত আছে।

জমিয়তৰ সমালোচনা অব্যাহত ৰাখি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয়, “অসমৰ মুখ্যমন্ত্ৰীক অপসাৰণ কৰাৰ সিদ্ধান্ত লব অসমৰ জনতাই, মাদানীয়ে নহয়। উচ্ছেদ অভিযান আৰু আধাৰ কাৰ্ড বন্ধৰ খবৰত তেওঁলোকে সাৰ পাইছে। তেওঁলোকে অসমক গ্ৰাস কৰিবলৈ চাইছে, আৰু কংগ্ৰেছে তেওঁলোকক মুকলি ৰাস্তাৰে দিছে। মই জমিয়তক কেয়াৰ নকৰো।

Related News