NORTHEAST NOW (Assamese)

জোনমণি-যোশিতা-উমৰাংছু কাণ্ডৰো তথ্য দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই, তেওঁ মুখ্যমন্ত্ৰী হৈ থকালৈ জুবিন গাৰ্গে লাভ নকৰে ন্যায় : গৌৰৱ গগৈ

September 29, 2025 9:55 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 29, 2025 8:45 pm

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈ জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তথ্য নাপায় অসমবাসীয়ে। আজি এখন সংবাদমেলত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

এআইচিচিৰ সাধাৰণ সম্পাদক মনোজ চৌহানৰ উপস্থিতিত ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘ৰাইজে এইখন চৰকাৰৰ পৰা বহু আশা কৰিছিল। ভাবিছিল যে চৰকাৰে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্তৰ বাবে তৎপৰতা দেখুৱাব৷ কিন্তু যি বাতৰি প্ৰকাশ পাইছে আৰু মুখ্যমন্ত্ৰীৰ মুখৰ পৰা শুনি থকা কথাবোৰে প্ৰমাণ কৰে যে ঘটনাৰ তথ্য লুকুৱাব খোজা হৈছে৷ চৰকাৰে তথ্য লুকুৱাব বিচাৰিছে৷ তদন্তক অন্য ফালে ঠেলিব বিচাৰিছে৷ মুখ্য অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ভিআইপিৰ দৰে সন্মান দিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

‘মেনেজাৰ আৰু ইভেণ্ট অৰ্গেনাইজাৰ -এই দুয়োজন জুবিন গাৰ্গৰ ঘটনাৰ বিষয়ে আটাইতকৈ ভালকৈ জনা ব্যক্তি৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তদন্ত ইমান লাহে লাহে কৰিছে যে শ্যামকানু আৰু সিদ্ধাৰ্থক আজিলৈ আৰক্ষীক সাক্ষ্য দিবলৈ বাধ্য কৰাব পৰা নাই৷ জুবিন গাৰ্গে ছিংগাপুৰত কত আছিল, কি খালে এইবোৰ কথাৰ সাক্ষ্য লবলৈ সক্ষম হোৱা নাই৷ শ্যামকানু আৰু সিদ্ধাৰ্থ ভিআইপি৷ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দুৰ্গা পূজা শেষ হোৱালৈ ৰৈ থাকিবলৈ কৈছে৷ – গগৈয়ে কয়।

বাকীসকলৰ বিৰুদ্ধে তদন্ত চলি থকা সময়ত এই দুজনক পূজা খাবলৈ কিয় দিয়া হৈছে বুলিও প্ৰশ্ন কৰে গগৈয়ে। তেওঁ কয়, ‘পূজালৈ কিয় ৰৈ থাকিব লাগে৷ শেখৰজ্যোতি গোস্বামীৰ লগতে বেলেগ শিল্পীৰ বিৰুদ্ধে তদন্ত চলি আছে৷ কিন্তু এই দুজন ইমান ডাঙৰ কি ভিআইপি যে অসম আৰক্ষী, চিআইডি, এছআইটি পূজা শেষ হোৱালৈ ৰৈ থাকিব লাগিব৷ যদি পূজাই এটা কাৰণ আছিল তেন্তে সকলোকে পূজাৰ পিছত সুধিব লাগিছিল৷

গগৈয়ে কয় যে পূজা এক অজুহাতহে। এই দুজন লোকৰ বিজেপি দলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বাবেহে মুখ্যমন্ত্ৰীয়ে পূজাৰ কথা কৈ দুয়োকে বচাবলৈ সময় লৈছে। ‘সিদ্ধাৰ্থ শৰ্মাৰ যোৰহাটৰ নেতাসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক৷ সিদ্ধাৰ্থ শৰ্মা বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সদস্য বুলিও বাতৰি ওলাইছে৷ যোৰহাট বিজেপিৰ নেতাসকলে কিমান আগৰ পৰা সিদ্ধাৰ্থ শৰ্মাৰ সৈতে সম্পৰ্ক কৰি জুবিন গাৰ্গক কেনেদৰে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছিল সেয়া অলপ ভিতৰলৈ গৈ তদন্ত কৰিলেই ওলাই পৰিব। – জুবিন গাৰ্গৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ ষড়যন্ত্ৰ আগৰে পৰা চলি আহিছিল বুলিও অভিযোগ কৰে গগৈয়ে।

আনহাতে শ্যামকানু মহন্ত সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে এচাম বিজেপি নেতাৰ সৈতে শ্যামকানু মহন্তৰ বৰ ভাল সম্পৰ্ক৷

‘শ্যামকানু মহন্ত আৰু নৰ্থ-ইষ্ট ফেষ্টিভেলৰ ইনষ্টাগ্ৰামৰ পোষ্টবোৰ চালে সকলোতে বিজেপি নেতাক দেখিব৷ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী, এনডিএৰ সহযোগী দলৰ মুখ্যমন্ত্ৰী আদিকো দেখিব৷ ৰাজ্যিক বিজেপিৰ বিশেষকৈ যোৰহাট বিজেপি নেতাৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সম্পৰ্ক বেছি ভাল৷ যাৰ বাবে অসম আৰক্ষীয়ে পূজালৈকে বাট চাই আছে৷ —গগৈয়ে কয়। তেওঁ আৰু কয় যে শ্যামকানু আৰু সিদ্ধাৰ্থ ছিংগাপুৰ, লণ্ডন, মুম্বাই, চেন্নাইত নে আন কৰবাত আছে সেয়া ডাবল ইঞ্জিনৰ চৰকাৰে আজিলৈ কব পৰা নাই৷ তাৰপিছত মৰমত কোৱা হৈছে যে দুৰ্গা পূজালৈ নাহিবা দেই৷ ইমান সময় কিয় দিয়া হৈছে? কোনোৱে যদি ক্ৰাইম কৰে, তেতিয়া সময় পালে ক্ৰাইম কৰাসকলে তথ্য ডিলিট কৰিব পাৰে৷ মোবাইলৰ পৰা তথ্য ডিলিট কৰিব পাৰে, মোবাইলটো পেলাই দিব পাৰে৷ বেছি সময় পালে সিহঁতৰ লাভ হয়৷ যিসকলে ক্ৰাইম কৰিছে সিহঁতক সুবিধা দিয়া হৈছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

অধিবক্তাৰ সৈতে কথা পাতিবলৈ ডাঙৰ বিজেপি নেতা আৰু আৰক্ষী বিষয়াক ফোন কৰি পৰামৰ্শ লবলৈ সুবিধা দিয়া হল নেকি বুলিও কয় গগৈয়ে৷

মুখ্যমন্ত্ৰী কিয় ইমান অসমৰ্থ আৰু অদক্ষ বুলি প্ৰশ্ন কৰি গগৈয়ে কয়, ‘হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই সকলো তথ্য ৰাজহুৱা হওক৷ জোনমণি ৰাভা, লোকনিৰ্মাণ বিভাগৰ অভিযন্তা যোশিতা দাস, উমৰাংছৰ কয়লা কাণ্ডক লৈ কি তদন্ত কৰিলে? কোনটো প্ৰশ্নৰ উত্তৰ দিব পাৰিছে চৰকাৰে? যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈ অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ সত্যতা জানিব নোৱাৰে৷ যেনেকৈ জোনমণি ৰাভা, যোশিতা দাসৰ আত্মহত্যা কাণ্ডত কোন ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তি জড়িত, উমৰাংছত কেনেকৈ ইমান লোকৰ মৃত্যু হল আৰু তাত কোন প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি জড়িত সেই কথা জানিব নোৱাৰিলে৷ তেনেদৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈ অসমৰ মানুহে তথ্য নাপাব যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হল৷

ইফালে, আজিৰ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে অহা ৩ অক্টোবৰৰ পৰা জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবীত অসমজুৰি কংগ্ৰেছ দলে প্ৰতিবাদ কৰিব বুলি কয়৷ ‘৩ অক্টোবৰৰ পৰা আমি ৰাজ্যজুৰি জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবীত মমবাতি জ্বলাই সমদল কৰিম। আমি তেওঁৰ মৃত্যু ৰহস্যক ৰহস্য হৈ থাকিবলৈ নিদিওঁ। অসম চৰকাৰৰ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি এনে উপেক্ষাপূৰ্ণ মনোভাব দেখি সৰ্বসাধাৰণ বিস্মিত। গুৱাহাটীত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই। তদন্তটো সম্পূৰ্ণভাৱে সন্দেহজনক দিশত আগবাঢ়িছে। চৰকাৰে মহান শিল্পীজনৰ অনুৰাগীসকলৰ অনুভৱক সন্মান কৰিব পৰা নাই। আমি তেওঁলোকৰ অনুভৱৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰিছো।

জুবিন গাৰ্গৰ অনুৰাগীসকলে কোনো বাধাৰ সৃষ্টি কৰা নাই৷ তেওঁলোকে গান আৰু চকুলোৰে শান্তিপূৰ্ণভাৱে নিজৰ শোক প্ৰকাশ কৰিছে। চৰকাৰে তেওঁলোকক সন্মান কৰাৰ সলনি ভয় দেখুৱাবলৈ চেষ্টা কৰিছে আৰু নেপালৰ পৰিস্থিতিৰ সৈতে তুলনা কৰি অপমানিত কৰিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গগৈয়ে কয়, ‘জুবিন গাৰ্গৰ অনুৰাগীসকলে আটাইতকৈ বেছি ধৈৰ্য দেখুৱাইছে৷ এই ধৈৰ্যক মই ছেল্যুট কৰিছোঁ৷ ন্যায় বিচাৰিছে, গান গাইছে৷ ধৈৰ্যসহকাৰে তদন্ত কৰিবলৈ সময় দিছে৷ অনুৰাগীক সন্মান কৰাৰ পৰিৱৰ্তে ভয় খুৱাই পিটিছে৷ ঘৰলৈ আৰক্ষী পঠিয়াইছে৷ নেপালৰ সৈতে তুলনা কৰিছে৷ নেপালৰ সৈতে তুলনা কৰি জুবিনৰ অনুৰাগীৰ সৎ উদ্দেশ্যক উপলুঙা কৰিছে৷ মূল অভিযুক্তই ভিডিঅ মুকলি কৰি আছে৷ আৰক্ষীয়ে চাই আছে৷

সিদ্ধাৰ্থ শৰ্মা যোৰহাটৰ বিজেপি নেতাৰ ঘনিষ্ঠ হোৱা বাবে আৰু শ্যামকানু মহন্তৰ সৈতে মুখ্যমন্ত্ৰী আৰু দিল্লী-অসম বিজেপিৰ নেতাসকলৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্ক আছে বাবে মুখ্যমন্ত্ৰীয়ে তদন্তৰ গতি জানি-বুজি লেহেমীয়া কৰাৰো অভিযোগ তোলে গৌৰৱ গগৈয়ে৷ শ্যামকানু আৰু সিদ্ধাৰ্থক ভিআইপি ট্ৰিট কৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয়, ‘অসম আৰক্ষীক ফ্ৰী-হেণ্ড দিয়ক৷ ফ্ৰী-হেণ্ড দিলে সকলোকে এৰেষ্ট কৰিব পাৰিলেহেঁতেন৷ অসম আৰক্ষীয়ে বহু ভাল কাম কৰিছে৷ মাওবাদীকে ধৰি বিভিন্ন উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজিছে৷ পিছে এতিয়া শ্যামকানু আৰু সিদ্ধাৰ্থক ধৰিব পৰা নাই। কিন্তু অজয় ফুকন আৰু ভিক্টৰক গ্ৰেপ্তাৰ কৰিছে৷’

Related News