NORTHEAST NOW (Assamese)
অসম

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Posted by: মুৰলী বৰুৱা Updated by: মুৰলী বৰুৱা January 27, 2021 8:28 pm
a himu

“এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰউদ্দিন আজমল কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ত্ৰাণকৰ্তা।”  নগাঁৱত সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ডঃ শৰ্মাই স্বভাৱ সূলভ ভংগীমাৰে আৰু কয়যে, গোটেইকেইটা ৰাজনৈতিক দলেই আজমলক নেতা মানি ৰাজনৈতিক পথাৰত ভৰি দিছে। অসমত পুনৰ বিজেপিৰেই চৰকাৰ হ’ব বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

অসম বিধানসভাত গ্ৰহণ কৰা প্ৰতিখন আইনেই ২০২১ চনৰ পৰা প্ৰযোজ্য হব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কামো আগবাঢ়িছে বুলিও মন্তব্য কৰে মন্ত্ৰী ডঃ শৰ্মাই।