NORTHEAST NOW (Assamese)
অসম

হিমন্তই ‘ৰাজনৈতিক অস্ত্ৰ’ কৰা অৰ্ণমাই বৰাৰ কন্যাই আজিও নাপালে প্ৰতিশ্ৰুত চাকৰিটো

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 27, 2019 8:14 pm
Arnomai Bora Himanta

চৰম দুৰ্ভাগ্যজনক মৃত্যুক সাৱটি লোৱাৰ পিছতো মন্ত্ৰী হিমন্তই শেহতীয়াকৈ ৰাজনৈতিক অস্ত্ৰ হিচাপে সঘনাই ব্যৱহাৰ কৰি অহা দুৰ্ভগীয়া অৰ্ণমাই বৰাৰ বাবে প্ৰকৃততে কি কৰিলে মন্ত্ৰীজনে, চৰকাৰখনে?

মন্ত্ৰীজনে বাবে বাৰে বাৰে অৰ্ণমাই বৰাৰ কাহিনীটোক ৰাইজৰ সন্মুখলৈ অনাৰ সময়তে এই প্ৰশ্নটো ৰাজহুৱাভাৱে উত্থাপন কৰিছে কেইবাটাও পক্ষই। সচেতন নাগৰিকৰ প্ৰশ্ন- ন্যায়ালয়ে অপৰাধীক শাস্তি দি এটা ন্যায় দিলে ঠিকেই, কিন্তু চৰকাৰে কি সুবিচাৰ কৰিলে ভুক্তভোগী পৰিয়ালটোৰ প্ৰতি?

মন কৰিব লগীয়া যে নগাৱঁৰ যমুনামুখৰ শিক্ষয়িত্ৰীগৰাকী ধৰ্ষণ আৰু হত্যাৰ বলি হোৱাৰ ঘটনাটোৰ পিছতে তদানীন্তন শিক্ষা মন্ত্ৰী হিমন্তই দুৰ্ভগীয়া পৰিয়ালটোৰ এজনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

সেইমতে, ডাঙৰ জীয়েক ভাগ্যশ্ৰী বৰাই তেওঁক মাকৰ পদটোত অনুকম্পামূলক নিযুক্তি দিবৰ বাবে শিক্ষা মন্ত্ৰীলৈ লিখে।

Application
অৰ্ণমাই বৰাৰ কন্যাই তদানীন্তন শিক্ষা মন্ত্ৰী হিমন্তলৈ লিখা আৱেদনখনৰ প্ৰতিলিপি।

২০১৭ চনতে দিয়া আৱেদনখন শিক্ষা মন্ত্ৰীয়ে গ্ৰহণ কৰে যদিও আজিও ভাগ্যশ্ৰী বৰাৰ চাকৰিটো নহ’ল। পৰিয়ালটো আজিও ‘চাকৰিহীন’ হৈয়ে আছে। এই কথা আমাক জনায় অৰ্ণমাই বৰাৰ স্বামী বিমল বৰাই।

কিন্তু ইয়াৰ বিপৰীতে মন্ত্ৰী হিমন্তই এই ধৰ্ষণ-হত্যাৰ বলি হোৱা মহিলাগৰাকীক বাৰে বাৰে শ্মশানৰ পৰা তুলি আনিলে তেওঁৰ ৰাজনৈতিক সভাবোৰলৈ। তেওঁৰ নাম প্ৰতিখন সভাতে উচ্চাৰণ কৰি আৰু তেওঁৰ পৰিয়ালক ন্যায়ালয়ে দিয়া ন্যায়ৰ বাবে চৰকাৰৰ কৃতিত্ব দাবী কৰি ৰাজনৈতিক মুনাফা লৈ আহিছে মন্ত্ৰীজনে।

বিগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰত্যেকখন নিৰ্বাচনী সভাত ‘যমুনামুখত দুৰ্বৃত্তৰ কামনাৰ বলি হৈ মৃত্যুক সাবটি লোৱা অৰ্ণমাই বৰা আৰু তেওঁৰ পৰিয়ালে ন্যায় লাভ কৰাৰ প্ৰসংগ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল মন্ত্ৰীজনে।

কিন্তু প্ৰকৃততে ৰাজনীতিৰ বাদে অৰ্ণমাই বৰাৰ স্বামী তথা ৪গৰাকী জীয়াৰীৰ দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি একোৱেই নকৰিলে হিন্দুৰ বাবে, খিলঞ্জীয়াৰ বাবে যিকোনো সময়তে উদ্বিগ্ন হৈ থকা মন্ত্ৰীজনে।

“আমাক লৈ কোনোবাই যদি ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰিছে, তেন্তে তেওঁ নিজৰ কুৎসা ৰটনা কৰাতকৈ অন্য একো কৰিব পৰা নাই”, নৰ্থ-ইষ্ট নাওৰ আগত অৰ্ণমাই বৰাৰ স্বামীয়ে যথেষ্ট ক্ষোভেৰে কয়।

উল্লেখযোগ্য যে আৰক্ষী প্ৰশাসন, অধিবক্তা আৰু ন্যায়ালয়ৰ তৎপৰতাত অৰ্ণমাই বৰাৰ হত্যাকাৰীয়ে ইতিমধ্যে উপযুক্ত শাস্তি লাভ কৰিলে যদিও ন্যায়ালয়ৰ ৰায়ৰ প্ৰসংগ টানি মন্ত্ৰী হিমন্তই ইয়াৰ কৃতিত্ব লাভ কৰাৰ চেষ্টা চলাই আহিছে প্ৰত্যেকখন ৰাজনৈতিক সভাত।

“আৰক্ষীয়ে তথ্য-প্ৰমাণ বাস্তৱ সন্মতভাৱে ন্যায়ালয়ক যোগান ধৰিছিল। লগতে যি দুজন অধিবক্তা আছিল তেওঁলোকে দোষীয়ে উচিত শাস্তি লাভ কৰিব পৰাকৈ সবল যুক্তি দাঙি ধৰিছিল। তাৰ ভিত্তিতে ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল।” ভাৰতীয় ন্যায় ব্যৱস্থাই তেওঁলোকক দিয়া ন্যায়ৰ আনে লৈ থকা কৃতিত্বত নসাৎ কৰি স্বামী বিমল বৰাই কয়।

“গোটেই ঘৰখনৰ ধৰণী আছিল মোৰ পত্নী। মই নিজে চাকৰি নকৰো, খেতি-বাতি কৰো। তেওঁৰ ওপৰত নিৰ্ভৰ কৰি মোৰ ল’ৰা-ছোৱালীকেইটাই পঢ়া-শুনা কৰি আছিল।” নিজৰ পৰিয়ালটোৰ অসহায় অৱস্থা এইদৰে দাঙি ধৰে বৰাই।

“ওপৰলৈ থু- পেলালে নিজৰ গাত চিটিকি পৰে।” বুলি কৈ বৰাই প্ৰশ্ন কৰে, “কি যুক্তিত চৰকাৰে এটা ভুক্তভোগী পৰিয়ালক কোনো সকাহ নিদিয়াকৈ তেওঁৰ নাম লৈ লাভ আদায় কৰিব বিচাৰিছে?”

তেওঁ আকৌ আক্ষেপেৰে কয়, “মনত এটা আক্ষেপ ৰৈ গ’ল। কোকৰাঝাৰত লাফিকুলক দুৰ্বৃত্তই হত্যা কৰাৰ পাছত চৰকাৰৰ মন্ত্ৰী তেওঁৰ ঘৰলৈ গৈ লাফিকুলৰ পৰিয়ালৰ দুজনকৈ লোকক চাকৰি দিলে। এইক্ষেত্ৰত আমি বিৰোধ কৰা নাই, যিহেতু তেওঁলোক ভুক্তভোগী। গতিকে তেওঁলোকৰ এইটো প্ৰাপ্য। ইয়াৰোপৰি তিনিচুকীয়াৰ ধলা কাণ্ডত নিহত হোৱা লোকসকলৰ প্ৰতি চৰকাৰে সহানুভূতি দেখুৱালে। সেয়াও যুক্তিসংগত কথা।”

উল্লেখযোগ্য যে ২০১৭ চনৰ ১ আগষ্টত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা লাফিকুলৰ পৰিয়ালৰ দুজনক এমাহৰ ভিতৰতে অনুকম্পামূলকভাৱে চাকৰি দিয়া হৈছিল।

“বোধকৰো, দুৰ্বৃত্তৰ হাতত নিৰ্য্যাতনৰ বলি হোৱা অৰ্ণমাই বৰা খিলঞ্জীয়া হোৱা কাৰণেই চৰকাৰৰ তেওঁৰ হৈ চিন্তা কৰিবৰ বাবে সময় নাই।” শ্লেষেৰে বৰাই ‘খিলঞ্জীয়াৰ চৰকাৰখন’ক কয়।

আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।

হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো ভাষণত অৰ্ণমাই বৰাৰ প্ৰসংগ উত্থাপন কৰাটো এটা ৰাজনৈতিক অংক বুলি দাবী কৰে।

হাজৰিকাই লগতে কয় “অৰ্ণমাই বৰাৰ হত্যাকাণ্ডত জড়িত থকা অভিযুক্তসকলক ন্যায়ালয়ে শাস্তি প্ৰদান কৰিছে। কিন্তু এইক্ষেত্ৰত চৰকাৰে কৃতিত্ব লৈছে।”