NORTHEAST NOW (Assamese)
অসম

জাগুনত কয়লা কঢ়িওৱা ট্ৰেইলাৰৰ খুন্দাত থিতাতে নিহত এজন লোক

Posted by: মানস প্ৰতিম গগৈ January 27, 2019 8:03 pm
accident truck

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। এই দুৰ্ঘটনাৰ পিছতে উক্ত অঞ্চলটোত এক শোকাকূল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে অৰুণাচলৰ খৰচাং অভিমুখী পি বি ০৬ এ এছ ২৮৭৭ নম্বৰৰ এখন কয়লা আনিবলৈ যোৱা তীব্ৰ বেগী ট্ৰেইলাৰৰ খুন্দাতে উক্ত ব্যক্তিজনে কৰুণভাৱে মৃত্যুক আকোৱালি লয়।

ইফালে দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰা লোকজনৰ মুখমণ্ডল অস্পষ্ট হৈ পৰা বাবে ব্যক্তিজনৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

আনহাতে জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰেইলাৰখনৰ চালকৰ লগতে হেন্দিমেন দুজনে ঘটনাস্থলতে গাড়ীখন এৰি পলায়ন কৰে। পিছত ঘটনাস্থলত জাগুন আৰক্ষীৰ লোক উপস্থিত হৈ ট্ৰেইলাৰ গাড়ীখন জব্দ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে।