NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ ভাৰত-ভূটান সীমান্তত জন্তুৰ শৰীৰৰ অংগ উদ্ধাৰ, এজনক আটক

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক July 25, 2021 6:30 pm
arrest-1579498383

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তত জীৱ-জন্তুৰ দেহৰ অংগ উদ্ধাৰ।

এছ এছ বিৰ ২৪ নং ৰঙিয়াস্থ বেটেলিয়ন আৰু কুমাৰীকাটা বন বিভাগৰ যৌথ অভিযানত এজন  চোৰাং চিকাৰী সহ জীৱজন্তুৰ দেহৰ অংগ সমূহ উদ্ধাৰ।

আটকাধীন চোৰাং চিকাৰী জনৰ নাম দেৱান চৰেন (২৮)৷

ভাৰত-ভূটান সীমান্তত চোৰাং চিকাৰীজনে জীৱজন্তু চিকাৰ কৰি আহিছিল৷

এছ এছ বিৰ জোৱান আৰু  বন বিভাগৰ কৰ্মচাৰী সকলে গোপনে এক অভিযান চলাই এক নং ডোঙাৰগাঁৱৰ চিটকাজানত চিকাৰীজনে জংঘলত চিকাৰৰ কাৰণে খাপ পিটি থকা সময়তে হাতে লোটে আটক কৰিবলৈ সক্ষম হয়৷

আটকাধীন চোৰাংচিকাৰী জনৰ পৰা ধনুকাঁড়,  ধনেশ পক্ষীৰ দেহৰ অংগ, বিভিন্ন জীৱ জন্তুৰ দেহৰ অংগ আৰু কিছু কংকাল জব্দ কৰে।

আটকাধীন চোৰাং চিকাৰী ২৮ বছৰীয়া দেৱান চৰেনৰ ঘৰ এক নং ডোঙাৰগাঁৱৰ খান্দাজানত ৷