NORTHEAST NOW (Assamese)

চুপাৰি ছিণ্ডিকেটৰ অভিযুক্ত বিজেপি নেতা জিতুমণি দাসক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই

July 29, 2023 5:26 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 30, 2023 11:33 am

অসমত ছিণ্ডিকেটৰাজ সমাপ্ত কৰিব বুলি ওফাইদাং মৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাম কেতিয়াও বন্ধ কৰিব নোৱাৰে। এই প্ৰত্যাহ্বান আম আদমি পাৰ্টীৰ। 

এক বিবৃতিযোগে দলৰ সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কয় যে বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক হিচাপে পৰিচিত জিতুমণি দাসক ডিফু আৰক্ষীয়ে আটক কৰি সোধপোচ কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপতে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে। মুখ্যমন্ত্ৰীয়েও বঙাইগাঁৱৰ এখন সভাত আটকাধীন দাসৰ পক্ষত ৰাজহুৱাকৈ মন্তব্য কৰীলে। সেয়ে আম আদমি পাৰ্টীয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে ছিণ্ডিকেটৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰাৰ হুংকাৰ দিয়া হিমন্ত বিশ্ব শৰ্মাই এতিয়া মেকুৰীৰ দৰে অভিযুক্তক থানাৰ পৰা উলিয়াই লৈ গ’ল।

ৰাজ্যখনত চলি থকা ছিণ্ডিকেটত বিজেপিৰ বিয়াগোম বিয়াগোম নেতা জড়িত হৈ আছে আৰু সেয়ে মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেট নোহোৱা কৰিবলৈ হ’লে বিজেপিৰ আধা সংখ্যাক নেতা জে’ললৈ যাব লাগিব। অসমৰ পৰা ছিণ্ডিকেট নোহোৱা কৰিবলৈ বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰাৰ বাদে অসমবাসীৰ ওচৰত আন কোনো বিকল্প নাই বুলি আপে সদৰি কৰে।

 

Related News