প্ৰাৰ্থনা চলি থকাৰ সময়তে দিল্লীৰ গীৰ্জাত আক্ৰমণ হিন্দুত্ববাদী সংগঠনৰ! কৰিলে লণ্ডভণ্ড, গ্ৰেপ্তাৰ ১
দেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় আৰু সাম্প্ৰদায়িক সংঘাতৰ ফলত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এইবাৰ তাৰ প্ৰভাৱ ৰাজধানী দিল্লীৰ ওপৰতো পৰিল। দেওবাৰৰ প্ৰাৰ্থনাৰ সময়ত এটা গীৰ্জাত হিন্দুত্ববাদী সংগঠনৰ কৰ্মীৰ আক্ৰমণৰ এক ঘটনা মঙলবাৰে পোহৰলৈ আহে।
হঠাৎ হিন্দুত্ববাদী সংগঠনৰ সদস্যই গীৰ্জাঘৰত প্ৰৱেশ কৰি ভাঙি-ছিঙি লণ্ডভণ্ড কৰে। তেওঁলোকক বাধা দিয়াৰ ফলত উত্তেজনা আৰু বৃদ্ধি পায়। এই ঘটনাত এজন লোক আহত হয়। অৱশেষত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
লগতে পঢ়ক: বিজেপি মন্ত্ৰীৰ নিদান! ঐশ্বৰ্য ৰায়ৰ দৰে চকু, ছাল পাবলৈ প্ৰতিদিনে খাওক মাছ
এই আক্ৰমণৰ লগত জড়িত হিন্দুত্ববাদী সংগঠনসমূহে উত্তৰ-পূব দিল্লীৰ তাহিৰপুৰৰ ছায়ন প্ৰাৰ্থনা ভৱনত প্ৰাৰ্থনাৰ আঁৰত হিন্দু ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক ভাষা ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
আনহাতে, গীৰ্জাৰ এজন সদস্যই তোলা এটা ভিডিঅ’ত দেখা গৈছে কিছু আচবাব, প্ৰাৰ্থনা কক্ষৰ মজিয়াত কেইবাটাও বাদ্যযন্ত্ৰ সিঁচৰতি হৈ আছে। তেওঁলোকে আক্রমণকাৰীসকল বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ সদস্য বুলি জানিবলৈ দিয়ে৷
গীৰ্জা কৰ্তৃপক্ষই স্থানীয় জিটিবি এনক্লেভ থানাত লিখিত অভিযোগ দাখিল কৰে। বাতৰি অনুসৰি, হিন্দুত্ববাদী সংগঠনৰ সদস্যই গীৰ্জাঘৰত শ্লোগান দি প্ৰৱেশ কৰে। ইয়াৰ পিছত তেওঁলোকে প্ৰাৰ্থনা কক্ষৰ ভিতৰত প্ৰৱেশ কৰি ইচ্ছাকৃতভাৱে লুটপাত কৰে। ঘৰৰ আচবাব ধ্বংস কৰে।
লগতে পঢ়ক: কম বয়সীয়া মহিলাৰ মাজত বেছি স্তন কেন্সাৰৰ প্ৰৱণতা; এইমছৰ অধ্যয়নত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য
আৰক্ষীয়ে গীৰ্জাৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আক্ৰমণকাৰীক চিনাক্ত কৰিবলৈ চেষ্টা চলাইছে। এজন দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। বিপৰীতে হিন্দুত্ববাদী সংগঠনসমূহেও গীৰ্জাক ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন কৰিছে। উত্তেজনাৰ বাবে গীৰ্জাঘৰত আৰক্ষী মোতায়েন কৰা হৈছে।