NORTHEAST NOW (Assamese)

Bangladesh Violence: হাছিনালৈ তছলিমা নাচৰিনৰ সমালোচনাৰ শেল—বাংলাদেশৰ হিংসা ৰোধত ব্যৰ্থ হৈছে প্ৰধানমন্ত্ৰী

October 20, 2021 11:25 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: October 20, 2021 11:31 am

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিকলৈ সৰৱ হৈ পৰিছে দেশ খনৰ নিৰ্বাসিত লেখিকা তছলিমা নাচৰিন।

দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা বাংলাদেশৰ কেইবা খনো পূজা মণ্ডপত মৌলবাদীয়ে আক্ৰমণ চলাই সাত জন লোকক হত্যা কৰাৰ পিছৰে পৰা দেশ খনত সাম্প্ৰদায়িক সংঘৰ্ষৰ দাবানল জ্বলি উঠিছে।

দেশ খনত বাস কৰা বহু হিন্দু লোকৰ ঘৰ মৌলবাদীয়ে জ্বলাই দিছে।

এনে পৰিস্থিতিত ধৰ্মনিৰপেক্ষ বুলি দাবী কৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পুৰা মাত্ৰাই ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে লেখিকা তছলিমা নাচৰিনে।

হাছিনাক সমালোচনা কৰি তছলিমাই কৈছে ‘ বাংলাদেশত হিন্দু আৰু বৌদ্ধ লোকসকল বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে। তেওঁলোকে আজিলৈকে ইয়াৰ কোনো সুবিচাৰ পোৱা নাই।শ্বেখ মুজিবৰ ৰহমানৰ কন্যা হোৱা বাবেই শ্বেইখ হাছিনাক বহুতে নিৰপেক্ষ ব্যক্তি বুলি ভাবে যদিও সেয়া মই নাভাবো। তেঁৱেই ধৰ্মীয় সংঘাতত উদগনি যোগাই আহিছে’।

সাম্প্ৰদায়িক সংঘৰ্ষত জৰিতসকলক এনে শাস্তি দিয়া উচিৎ যাতে তেওঁলোকে পুনৰ বাৰ তেনে কামত লিপ্ত হ’ব নোৱাৰে বুলিও তছলিমাই কয়।

হাছিনাৰ দুৰ্বলতাৰ বাবেই মৌলবাদীয়ে বাংলাদেশত ব্লগাৰক হত্যা কৰিছে বুলি তছলিমাই মন্তব্য কৰে।

তছলিমাই লগতে কয় যে ‘ইছলামেই একমাত্ৰ ধৰ্ম’ বুলি আক্ৰমণকাৰীসকলক কোনোৱাই বুজাইছে।

সেই চক্ৰটোক চিনাক্ত কৰাত হাছিনা ব্যৰ্থ হোৱা বুলিও তছলিমাই মন্তব্য কৰে।

Related News