NORTHEAST NOW (Assamese)
অসম

গান্ধী হত্যাকাৰী নাথুৰামৰ নামত পুথিভঁৰাল স্থাপন কৰিলে হিন্দু মহাসভাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2021 1:37 pm
a nathu-godweb

মহামানৱ মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেকলৈ এতিয়া সস্তীয়া ৰাজনীতিত নামি পৰিল হিন্দু মহাসভা।

মহাত্মাৰ হত্যাকাৰীৰ নামেৰে এতিয়া স্থাপন কৰা হৈছে এটি পুখিভঁৰাল।

অখিল ভাৰতীয় হিন্দু মহাসভাই মধ্যপ্ৰদেশৰ গোৱালিয়ৰত স্থাপন কৰা এই পুথিভঁৰালত ৰখা হৈছে নাথুৰাম গডছেৰ বিষয়ে লিখা বিভিন্ন গ্ৰন্থ।

সেই গ্ৰন্থ পঢ়ি যাতে উঠি অহা প্ৰজন্মৰ যুৱক-যুৱতীসকলে নাথুৰাম গডছেৰ আদৰ্শৰে অনুপ্ৰাণিত হ’ব পাৰে সেই উদ্দেশেই পুথিভঁৰালটো স্থাপন কৰা হৈছে।

পুথিভঁৰালটোত ৰখা হৈছে নাথুৰাম গডছেৰ প্ৰতিকৃতিৰ লগতে ঝান্সিৰ ৰাণীকে ধৰি আন বহুতৰে ছবি।

উল্লেখ্য হিন্দু মহাসভাৰ অন্যতম সমৰ্থক নাথুৰাম গডছেক মহাপুৰুষ হিচাবে প্ৰতিষ্ঠা কৰাৰ বাবে অখিল ভাৰতীয় হিন্দু মহাসভাই পূৰ্বৰে পৰা চেষ্টা অব্যাহত ৰাখিছে।

কংগ্ৰেছে জৱহৰলাল নেহৰুক প্ৰধানমন্ত্ৰী পতাৰ বাবেই দেশ বিভাজন কৰিছিল বুলি হিন্দু মহাসভাই কৈ আহিছে।

ভাৰতৰ স্বাধীনতা আন্দোলনত হিন্দু মহাসভাৰ অৱদান কিমান আছিল সেই বিষয়েও পুথিভঁৰালটোত থকা গ্ৰন্থৰ পৰা মানুহে জানিবলৈ সক্ষম হ’ব বুলি হিন্দু মহাসভাৰ একাংশ নেতাই আশা প্ৰকাশ কৰিছে।

ইপিনে জাতিৰ পিতাৰ হত্যাকাৰীৰ নামেৰে পুথিভঁৰাল স্থাপন কৰিবলৈ মধ্যপ্ৰদেশৰ চৰকাৰে অনুমতি দিয়াত আচৰিত হৈ পৰিছে সমাজৰ বিবেকবান লোকসকল।

এইক্ষেত্ৰত মধ্যপ্ৰদেশৰ চৰকাৰে প্ৰদৰ্শন কৰা উদাসীনতাৰ আঁৰত গভীৰ ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ থকাৰ গোন্ধ পাইছে বহুতে।