NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰীক প্ৰশংসাৰে ওপচাই পেলাই আজমলৰ প্ৰশ্ন ‘এই কামটো আগৰ চৰকাৰে কিয় কৰিব পৰা নাছিল?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 13, 2021 7:36 pm
aj

মাৰাত্মক ড্ৰাগছ আৰু গৰু চিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে ব্যাপক অভিযান। মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পাছৰে পৰা এই এমাহ ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই বহু ব্যৱসায়ীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

সেয়েহে বিৰোধীৰ মনত এক প্ৰশ্নৰ উদয় হৈছে যে পূৰ্বতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখন ড্ৰাগছৰ লগতে গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে নিমাত আছিল কিয় বা তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াক লৈ কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল?
ইপিনে, মুখ্যমন্ত্ৰী তথা গৃহ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাগছৰ বিৰুদ্ধে এই তৎপৰতাৰ শলাগ লৈ তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে সাংসদ তথা এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমল।

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলে।

আনহাতে, বদৰুদ্দিন আজমলৰ এক বক্তব্যৰ পৰা অনুমান কৰিব পাৰি যে সৰ্বানন্দ সোণোৱাল কিয় ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাত ব্যৰ্থ হৈছিল?

আজমলৰ মনত প্ৰশ্ন ‘এই কামটোৱেই আগৰ চৰকাৰে কিয় কৰিব পৰা নাছিল?’

আজমলৰ এই প্ৰশ্নই নিশ্চয়কৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুমিকাত প্রশ্ন তুলিছে।

তেওঁ লগতে কয় ‘ড্ৰাগছৰ দৰে বহু চিণ্ডিকেট অসমত চলি আছে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই চিণ্ডিকেট বিলাকো অসমত বন্ধ হ’ব।‘

ইপিনে, অসমখন ড্ৰাগছ মুক্ত আৰু চিণ্ডিকেটমুক্ত হ’ব বুলি আশা প্ৰকাশ কৰে সাংসদগৰাকীয়ে।