NORTHEAST NOW (Assamese)
অসম

ভোটৰ আশাত দিয়া প্ৰতিশ্ৰুতিৰ পাছত নিজেই নিজে পতা জালত বন্দী হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা: ৰিপুন বৰা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 13, 2021 6:35 pm
ripun

মহিলাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত নিৰ্বাচনৰ পূৰ্বে ভোটৰ আশাত দিয়া প্ৰতিশ্ৰুতিৰ পাছত নিজেই নিজে পতা জালত বন্দী হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ইপিনে, যোৱা বিধান সভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ নেতৃত্বাধীন মহাজোট বন্ধনৰ তৰফৰ পৰা মাইক্রফাইনেন্সৰ ঋণ মাফ কৰি মহিলাসকলক সকাহ দিব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াৰ পাছতে তাক অনুকৰণ কৰি বিজেপি মিত্রজোঁটেও একে কথাই ঘোষণা কৰিলে আৰু সকলো মাক্রফাইনেন্সৰ ঋণ মাফ কৰিম বুলি প্রতিশ্রুতি দিলে বুলি ৰিপুন বৰাই উল্লেখ কৰে।

এতিয়া বিজেপি মিত্রজোটৰ চৰকাৰে নিৰ্বাচনত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিম বুলি কোৱা মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজে দিয়া প্ৰতিশ্ৰুতি এতিয়া পালন কৰিব লাগে বুলি দাবী জনায় ৰিপুন বৰাই।

বৰাই লগতে প্ৰশ্ন কৰি কয় ‘অন্যান্য প্ৰতিশ্ৰুতিৰ দৰে অসমৰ গ্ৰাম্যাঞ্চলৰ মহিলাসকলে লোৱা মাক্রফাইনেন্সৰ ঋণ মাফ কৰি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বিপৰীতে বিভিন্ন চর্ত আৰোপ কৰি এই ৠণ মাফ কৰাৰ নামত দীঘলীয়া সময় লোৱাৰ লগতে ঋণগ্ৰস্ত মহিলাসকলক ৠণ মাফৰ নামত আভুৱা ভাৰিব নেকি?’

ইপিনে, মন্ত্ৰী অশোক সিংঘাল কমিটিয়ে মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰাক লৈ যিবোৰ নিয়ম বান্ধি দিছে, সেইবোৰৰ দ্বাৰা নিশ্চিতভাৱে ঋণগ্ৰস্ত মহিলা সকল উপকৃত হব বুলি আশা কৰা নাযায় বুলি সদৰী কৰে ৰিপুন বৰাই।

তেওঁ আৰু কয় ‘মন্ত্ৰী অশোক সিংঘাল কমিটিয়ে বান্ধি দিয়া চৰ্তবোৰ পৰ্যালোচনা কৰিলে গৰিষ্ঠ সংখ্যক মাইক্ৰ ফাইনেঞ্চৰ ঋণ লোৱা মহিলা বঞ্চিত হোৱাটো নিশ্চিত । চৰকাৰে ঋণ মাফৰ এটা চৰ্ত ১ লাখ টকা আয় নিৰ্ধাৰিত কৰিছে। অৰ্থাৎ এক লাখ টকাৰ তলৰ আয়ৰ লোক সকলে ঋণ মাফ পাব।’

‘অৰ্থাৎ মাহিলি (১০০০০০÷১২)=৮৩৩৩•৩৪ টকা উপাৰ্জন কৰা পৰিয়ালে ঋণ মাফ পাব। কিন্তু আজিৰ তাৰিখত দৈনিক হাজিৰা যদি ৩০০ টকাও হয় ,তেনেহলে বাগিচাৰ মহিলা শ্ৰমিক সকলৰ বাহিৰে কোনেও ঋণ মাফ নাপাব। বাগিচাৰ মহিলা শ্ৰমিক সকলৰ যদি ৰেচনৰ কোটা সংলগ্ন কৰা হয় তেন্তে তেওঁলোকৰো বহু ঋণ মাফৰ পৰা বঞ্চিত হব। আনহাতে একেটা পৰিয়ালৰ গৃহস্থয়ো উপাৰ্জন কৰে আৰু পত্নীৰ আয় এক লাখতকৈ কম, তেওঁলোক বঞ্চিত হব। তাৰ মানে ঋণ লোৱা বহুত মহিলা বাদ পৰিব।‘ উদাহৰণ সহকাৰে বুজাই কয় ৰিপুন বৰাই।

চাৰি চকীয়া আদি থকা লোক আৰু শেহতীয়াকৈ ৰেফ্ৰিজাৰেটৰ থকা লোকেও ঋণ মাফ নাপাব বুলি আলোচনা হৈছে বুলি উল্লেখ কৰি বৰাই লগতে কয় ‘কিন্তু বহুলোকে এখন চাৰি চকীয়া গাড়ী ঋণ লৈ কিনিব পাৰে। সাধাৰণতে আমাৰ বহু লোকে বেংক ফাইনেঞ্চৰ জৰিয়তে ডাউন পেমেন্ট দি গাড়ী ক্ৰয় কৰে। ধৰা হল এখন চাৰিচকীয়া সামগ্ৰী কঢ়িওৱা গাড়ী এজন লোকে জমা টকা দুই লাখ ডাউন পেমেন্ট দি মাহিলি ই এম আই দিয়াৰ প্ৰতিশ্ৰুতিত বেংকৰ ল’ন লৈ কিনিলে। গাড়ী চলি থকা অৱস্থাত বেংকৰ ধাৰ হয়টো মাৰিছে। কেতিয়াবা ই এম আই মাৰিবলৈ মাইক্ৰ ফাইনেঞ্চৰ ঋণ লব লগা হৈছে । কোনো কোনোৰ আকৌ দোকানতো ৰেফ্ৰিজাৰেটৰ থাকিব পাৰে । তেনে ক্ষেত্ৰত চৰকাৰৰ পলিচি কি হব? তেওঁলোকৰ ঋণ মাফ হবনে?’

 

‘চৰকাৰে এই নীতি নিয়মৰ দ্বাৰা মাইক্ৰ ফাইনেঞ্চৰ ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে তৎপৰতা চলাইছে, যাতে সাপো মৰে লাঠিও নাভাগে।‘ এইদৰে উল্লেখ কৰি বৰাই আৰু কয় ‘আনহাতে ঋণ মাফ হব বুলি ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ কথাত বিশ্বাস আৰু আস্থা ৰখা মহিলা সকলক মন্ত্ৰী অশোক সিংঘাল কমিটিয়ে যি চৰ্ত আৰোপ কৰি দিছে তাৰ পৰা দেখা যায় যে ঋণগ্ৰস্ত মহিলা সকলে ঠগন খোৱাৰ সম্ভাৱনা প্ৰকট। এই ধৰণে নিৰ্বাচিত চৰকাৰ এখনে ভোটাৰ জনসাধাৰণক ৰাম ঠগন দিয়াটো পৰিতাপৰ বিষয়। ডঃ হিমন্ত বিশ্ব শৰ্ম্মাই যে ফাইনেঞ্চৰ ঋণৰ নামত কলটো থৈ বাকলিটো দিবলৈ ওলাইছে সেইটো ইতিমধ্যেই জনসাধাৰণে বুজি উঠিছে।‘