NORTHEAST NOW (Assamese)
অসম

“Vedio”গুৱাহাটীৰ বাক্ৰাপাৰাত অগ্নিকাণ্ডত জাহ গ’ল দুটা পৰিয়ালৰ ১০ টাকৈ বাসগৃহ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 29, 2018 9:55 pm

আজি সন্ধিয়া প্ৰায় ৭ মান বজাত গুৱাহাটীৰ বশিষ্ঠৰ বাক্ৰাপাৰাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বাক্ৰাপাৰা সত্যবালা পথত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে বাক্ৰাপাৰাৰ সত্যবালা পথৰ দুটা পৰিয়ালে বসবাস কৰা গৃহ নং ৫ আৰু গৃহ নং ৬ সম্পূৰ্ণৰূপে এই অগ্নিকাণ্ডত ভস্মীভূত হৈছে।

আজি সন্ধিয়া সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত নিৰঞ্জন মালকাৰ আৰু নিখিল দে নামৰ লোক দুজনৰ একোজনৰ ৫ টাকৈ মুঠ ১০ টা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। যাৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱা বুলি আৰক্ষী সূত্ৰৰ পাৰ জানিব পৰা গৈছে।

ৰান্ধনীশালৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে আৰু এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰাত তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুওৱাৰ চেষ্টা কৰে।

অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে প্ৰায় আধা ঘণ্টা জোৰা চেষ্টাৰ অন্তত হে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।