NORTHEAST NOW (Assamese)
Popular Stories

ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ কামনাৰে মন্দিৰত হিন্দু সেনাৰ পূজা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 3, 2020 6:14 pm

আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ওলাবলৈ মাজত বাকী আছে মাথো কেইটামান ঘণ্টা। পুনৰ এবাৰ ড’নাল্ড ট্ৰাম্প নে জ’ বাইডেন হ’ব দেশখনৰ ৰাষ্ট্ৰপতি।

সমগ্ৰ বিশ্বজুৰি এই ধৰণৰ চৰ্চা চলি থকাৰ সময়তে আজি দিল্লীত ট্ৰাম্পৰ সমৰ্থকসকলে ট্ৰাম্পৰ জয়ৰ কামনাৰে এটা মন্দিৰত বিশেষভাৱে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হয়।

পূব দিল্লীৰ এটা মন্দিৰত পূজাৰীৰ উপস্থিতিত হিন্দু সেনাই পুনৰ এবাৰ ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰে।

এই বিশেষ পূজাত হিন্দু সেনাৰ সদস্যসকলে বিভিন্ন মন্ত্ৰ উচ্চাৰণ কৰাৰ লগতে যজ্ঞ আয়োজন কৰাও পৰিলক্ষিত হয়।

ট্ৰাম্পৰ বিজয়ৰ কামনাৰে পূজা কৰা পূজাৰীজনে ইণ্ডিয়া টুডেক দিয়া এটা সাক্ষাতত কয় যে ড’নাল্ড ট্ৰাম্প সদায় উগ্ৰ ইছলামিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৰৱ হৈ থাকে আৰু এয়া বিশ্ববাসীৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁক সমৰ্থন কৰাৰ সময়।

আনহাতে হিন্দু সেনাৰ প্ৰমুখ বিষ্ণু গুপ্তাই কয় যে সন্ত্ৰাসবাদৰ বাবে ভাৰতে বিগত সময়ছোৱাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। ট্ৰাম্পেও এই কথাত একমত আৰু সেয়ে আমি তেওঁৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰিছে।

তেওঁ লগতে জানিবলৈ দি কয় যে ট্ৰাম্পৰ ফটোৰ সন্মুখত দুপৰীয়া ১২.৩০ বজাৰ পৰা পূজা কৰা হয়।