NORTHEAST NOW (Assamese)
অসম

দুৰ্গা পূজা-দীপাৱলীত সৰ্বাত্মক ৰূপে বৰ্জন কৰক চীনা সামগ্ৰী : হিন্দু যুৱ ছাত্ৰ পৰিষদ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া September 19, 2019 10:01 pm

শাৰদীয় দুৰ্গা পূজা আৰু দীপাৱলীৰ লগতে দৈনন্দিন জীৱনতো ব্যৱহাৰ কৰা চীনা সামগ্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ আৰু সৰ্বাত্মক ৰূপত বৰ্জন কৰিবলৈ আহ্বান জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ অসম নামৰ সংগঠনটোৱে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই কয় যে ‘যি সকল ভাৰতীয় বা অসমীয়াই নিজৰ জন্মভূমিক ভাল পায়, তেনে লোকে চীনৰ দৰে এখন ভাৰতৰ তথা অসমৰ চিৰ শত্ৰু দেশৰ সামগ্ৰী ক্ৰয় কৰি শত্ৰু ৰাষ্ট্ৰখনক আৰ্থিকভাৱে লাভৱাম্বিত কৰিব নোৱাৰে।‘

তাৰোপৰি সকলো অসমীয়াকে আহ্বান জনায় তেওঁ কয়, ‘ভাৰতৰ সীমাত প্ৰচণ্ড শীতত আৰু অসহনীয় গৰমতো অতন্দ্ৰ প্ৰহৰী হিচাপে সুৰক্ষা দি থকা জোৱান সকলক কোনোবাই যদি কিঞ্চিৎ মানো ভালপাই বা তেন্তে সকলো চীনা সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকক। কাৰণ যি পাকিস্তানৰ বোমা আৰু গুলীয়ে ভাৰতৰ বুকু বিদাৰিছে সেই পাকিস্তানক বোমা বা বন্দুক যোগান ধৰে চীনে।‘

‘আমাৰ পৰা হোৱা লাভৰ ধনেৰে আমাৰ দেশৰ জোৱানক হত্যা কৰা লগতে দেশৰ অনিষ্ট সাধন কৰা চীনৰ সামগ্ৰী আমি কিয় বৰ্জন নকৰিম’ বুলিও সভাপতি বৈশ্যই সংবাদমেলত মন্তব্য কৰে।

‘যি খন দেশে একমাত্ৰ ভাৰতৰ শক্ৰ বাবেই হাফিজ চৈয়দক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰাত বাধা প্ৰদান কৰিছে, যিখন দেশে পাকিস্তানক ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে উচতাই থকাৰ লগতে প্ৰত্যক্ষভাৱে সহায় কৰি আছে। ইমানৰ পাছতো সেইখন দেশৰ সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰাৰ কি যুক্তি হ’ব পাৰে’ বুলিও বৈশ্যই প্ৰশ্ন উত্থাপন কৰে।