NORTHEAST NOW (Assamese)

‘ফেয়াৰ এণ্ড লাভলি’ৰ পৰা ফেয়াৰ শব্দ নোহোৱা কৰিব হিন্দুস্থান য়ুনিলিভাৰে

June 25, 2020 5:19 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

বৰ্ণবাদী প্ৰচাৰ কৰা বুলি বিভিন্ন পক্ষৰ পৰা অভিযোগ লাভ কৰাৰ পাছতে  হিন্দুস্থান য়ুনিলিভাৰে ইয়াৰ উৎপাদিত সামগ্ৰী ‘ফেয়াৰ এণ্ড লাভলি’ৰ পৰা ‘ফেয়াৰ’ শব্দটো আতৰোৱাৰ সিদ্ধান্ত লৈছে।

‘‘ফেয়াৰ, বগা, উজ্বল, ইত্যাদি শব্দই এটা বিশেষ ধৰণৰ সৌন্দৰ্য্যক হে প্ৰতিনিধিত্ব কৰে যিটো আমি শুদ্ধ বুলি নাভাবো। আমি এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছো,’’ হিন্দুস্থান য়ুনিলিভাৰৰ বিউটি এণ্ড পাৰ্চনেল কেয়াৰ ডিভিজনৰ অধ্যক্ষ চানি জৈনে কয়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী কৃষ্ণাংগ লোকক আৰক্ষীয়ে বৰ্ৰবভাৱে হত্যা কৰাৰ পাছতে সমগ্ৰ বিশ্বত বৰ্ণবাদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছিল।

সৌন্দৰ্য্যবৰ্দ্ধক সামগ্ৰী সমূহৰ নাম আৰু বিজ্ঞাপনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কিছুমান শব্দই ক’লা লোক সকলক মানসিকভাৱে আঘাত কৰে বুলি বিভিন্ন পক্ষই অভিযোগ কৰে।

হিন্দুস্থান য়ুনিলিভাৰৰ তৰফৰ পৰা তেওঁলোকৰ সৌন্দৰ্য্যবৰ্দ্ধক সামগ্ৰী সমূহে ভবিষ্যতে ইয়াৰ সামগ্ৰী সমূহৰ বিজ্ঞাপনৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

Related News