NORTHEAST NOW (Assamese)
অসম

USTM ৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আইনি ব্যৱস্থা গ্ৰহণৰ দাবী HITO ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2025 4:22 pm

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে পি এইচ ডিকে ধৰি ভুৱা ডিগ্ৰী প্ৰদানৰ অভিযোগ উত্থাপন কৰা বিতৰ্কিত বক্তব্যৰ বাবে, হাইনিট্ৰেপ ইন্টিগ্ৰেটেড টেৰিটৰিয়েল অৰ্গেনাইজেশ্যনে (HITO) হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

অসমৰ মুখ্যমন্ত্রীৰ বক্তব্যক গৰিহণা দি HITOৰ সভাপতি ডনবক দখৰে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান ইদাশীষা নোংৰাঙক শৰ্মাৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

মেঘালয় চৰকাৰে ২০ আৰু ২৭ ফেব্ৰুৱাৰীত জাৰি কৰা চৰকাৰী প্ৰেছ বিবৃতিৰ জৰিয়তে এই অভিযোগসমূহ দৃঢ়তাৰে খণ্ডন কৰে। মুখ্য সচিব আৰু মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে ইউ এছ টি এমে সকলো প্ৰয়োজনীয় নিয়ম সম্পূৰ্ণৰূপে পালন কৰে৷ লগতে বিশ্ববিদ্যালয়খনৰ সঠিক অনুমোদন থকাৰ লগতে সকলো প্ৰতিষ্ঠিত নীতি-নিয়ম আৰু পদ্ধতি মানি চলে বুলি আশ্বাস প্ৰদান কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই ইউ এছ টি এমৰ বৰ্তমান আৰু সম্ভাৱ্য ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অপ্ৰয়োজনীয় উদ্বেগ সৃষ্টি কৰা বুলি উদ্বেগ প্ৰকাশ কৰি এইচ আই টি অ’ই বিশ্ববিদ্যালয়খনৰ সুনাম সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।