NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ জাৱৰ নিষ্কাশনৰ লগতে উন্মুক্ত নলা পুনৰ নিৰ্মাণৰ দাবী আপৰ : মেয়ৰ মৃগেন শইকীয়াক স্মাৰক পত্ৰ প্ৰদান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2025 4:21 pm

বাৰিষাৰ পূৰ্বেই গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমা পুনৰ নিৰ্মাণ আৰু উন্মুক্ত মেনহল সমূহৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ লগতে জাবৰ নিষ্কাশনৰ সুব্যৱস্থা কৰিবলৈ মেয়ৰ মৃগেন শইকীয়াক স্মাৰক পত্ৰ প্ৰদান কৰিলে আম আদমী পাৰ্টিৰ ৰাজ্যিক কমিটীয়ে।

আজি উজান বজাৰস্থিত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ কাৰ্যালয়ত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাৰ নেতৃত্বত যোৱা এটা সজাতী দলে মহানগৰবাসীৰ এই জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ অৰ্থে স্মাৰক পত্ৰ প্ৰদান কৰে।

আপৰ ৰাজ্যিক নেতৃবৃন্দই প্ৰদান কৰা স্মাৰক পত্ৰত  উল্লেখ কৰে যে গুৱাহাটীৰ বহু অঞ্চলৰ পদপথ সমূহ জৰাজীৰ্ণ আৰু উন্মুক্ত নলাই পথচাৰীক সকলো সময়তে বিপদত পেলাই আহিছে। এতিয়া বাৰিষাৰ আগমনৰ সময়, বাৰিষা আহিলেই কৃত্রিম বানৰ ফলত মহানগৰীৰৰ ৰাজপথতেই নদী সদৃশ পৰিৱেশ সৃষ্টি হোৱাতো বহু পুৰণি সমস্যা। গুৱাহাটী পৌৰ নিগমে মাজে-সময়ে নলা-নর্দমা সমূহ চাফা কৰিছে ঠিকেই, কিন্তু মেৰামতিৰ অভাৱত কাহিলিপাৰা, গণেশগুৰি, চানমাৰি, বাজগড়, মালিগাওঁ আদি বহু ঠাইত নলাৰ ওপৰৰ পদপথত সৃষ্টি হৈছে বৃহৎ বৃহৎ মেনহল। স্বয়ংসৃষ্ট এই মেনহলসমূহ দীর্ঘদিনে আছে উন্মুক্ত অবস্থাত। দুই-এডাল বাঁহ বান্ধি ৰঙা কাপোৰেৰে বিপদৰ চিহ্ন দেখুৱাই দিয়া এই উন্মুক্ত নলাসমূহ বাৰিষা আহিলেই বৰষুণৰ পানীত বুৰ যায়। ফলত পথচাৰীসকলে বিপদত পৰি আহিছে। বৰষুণৰ পানীৰে ৰাস্তা আৰু পদপথ একাকাৰ হৈ কর্তব্যস্থানলৈ অহা-যোৱা কৰা বহু লোক প্রতি বছৰে বিভিন্ন সময়ত বিপদৰ সন্মুখীন হৈছে, হতাহত হৈছে, নলাত উটি গৈ মৃত্যুক আকোৱালি লৈছে।

উল্লেখ্য যে আজি মেয়ৰ মৃগেন শইকীয়াৰ হাতত স্মাৰক পত্ৰ প্ৰদানৰ পিছতে আপৰ সজাতী দলটোৱে উত্থাপন কৰা বিষয়সমূহ সমাধানৰ আশ্বাস দিয়ে।  ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাৰ নেতৃত্বত যোৱা দলটোত ৰাজ্যিক যুটীয়া সম্পাদক জয়ন্ত শইকীয়া, যুৱ শক্তিৰ উপ সভাপতি জিতু ডেকা, সম্পাদক সৌৰভ কলিতা, দিতুল বৰুৱাৰ উপৰি বহুকেইগৰাকী দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।