NORTHEAST NOW (Assamese)

কোভিড-১৯ৰ ভেক্সিন পৰীক্ষাৰ বাবে হোজাই যুৱকে আগবঢ়াইছে নিজৰ শৰীৰ

May 3, 2020 9:09 am · নিখিল মুন্দ্রা

ক’ৰ’না ভাইৰাছক কেন্দ্ৰ কৰি সকলো চিন্তিত হৈ থকাৰ মাজতে হোজাই জিলাৰ এজন যুৱকে নিজক শৰীৰক কোভিড-১৯ৰ ভেক্সিনৰ পৰীক্ষাৰ বাবে দান কৰিবলৈ আগবাঢ়ি আহিছে।

এই উদ্দেশ্যে শিৰ্ষেন্দু দেবনাথ (২৪) নামৰ যুৱকজনে শনিবাৰে হোজাইৰ জিলা উপায়ুক্ত সদেনেক সিঙৰ জৰিয়তে অসম চৰকাৰলৈ এখন আৱদেনপত্ৰ প্ৰেৰণ কৰে।

হোজাইৰ জ্যোতিশ দেবনাথৰ পুত্ৰ শিৰ্ষেন্দু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা সংযোজক।

নিজৰ আবেদন পত্ৰত তেওঁ কয়, ‘COVID-19ৰ ভেক্সিন মানৱ শৰীৰত বিভিন্ন পৰীক্ষাৰ বাবে মোৰ শৰীৰটো আমাৰ অসম চৰকাৰৰ হাতত দান কৰিবলৈ সাজোঁ হৈছো।‘

প্ৰথম অৱস্থাত শিৰ্ষেন্দুৰ মাক-দেউতাকে তেওঁৰ এই সিদ্ধান্তৰ কথা গম পাই উদ্বিগ্ন হৈ উঠিছিল যদিও পিছত তেওঁলোক পতিয়ন নিয়াবলৈ সক্ষম হয় বুলি যুৱকজনে এই সংবাদাতাৰ আগত প্ৰকাশ কৰে।

Related News