NORTHEAST NOW (Assamese)

টীয়কৰ ঐতিহাসিক অচ্যুত ভৱনত আজি পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱ পালনেৰে কৰিলে মেষদাহ

March 17, 2022 9:04 pm · এন ই নাও নিউজ, টীয়ক

ফাগুন মাহৰ পূৰ্ণিমা অৰ্থাৎ কাইলৈ সমগ্ৰ দেশে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। আজি মেষদাহ পূজা ইতিমধ্যে আৰম্ভ হৈছে।

টীয়কৰ বামুণগাঁৱস্থিত ঐতিহাসিক ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ বাসভৱন অচ্যুত ভৱনতো পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো উদযাপনৰ ব্যৱস্থা কৰিছে ফাকুৱা উৎসৱ। আজি ইতিমধ্যে ঐতিহাসিক ভৱনৰ মন্দিৰত হোম যজ্ঞ আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে ১০০ বছৰৰ অধিক কাল গৰকা এই পূজাভাগ উপভোগ কৰিবলৈ আজিৰে পৰা অঞ্চলৰ বিভিন্ন ভক্ত আহি বৈদিক নীতি-নিয়মত অংশগ্ৰহণ কৰিছে।

লগতে পঢ়ক: আহাৰৰ এদিন নাট আৰু কেলিগোপাল অংকীয়া ভাওনাই জীপাল কৰিলে বিশ্ববিদ্যালয়ৰ প্ৰাঙ্গণ

আজি মেষদাহৰ পাছতে কাইলৈ পুৱা পৰম্পৰা ৰক্ষা কৰি গোবিন্দ মহাপ্ৰভুৰ বিগ্ৰহ গাঁৱৰ সকলোৰে পদুলিয়ে পদুলিয়ে ফুৰাই সকলোৱে ফাকু খেলি আবিৰৰ ৰঙৰ মাজেৰে আনন্দ কৰিব। এই সকলো কাৰ্যসূচীত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে  বৰুৱা পৰিয়ালৰ সদস্যসকলে।

এই মন্দিৰত আহোম ৰজাদিনৰ কেইবাখনো পুথি সংৰক্ষণ কৰি ৰখা হৈছে আৰু এই পুথি অনুসৰিয়েই এই পূজাভাগ অনুষ্ঠিত হৈ আহিছে বুলি জানিব পৰা গৈছে।

Related News