NORTHEAST NOW (Assamese)
অসম

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও July 29, 2025 9:00 pm
পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

অপাৰেচন সিন্দূৰৰ সম্পৰ্কত সদনত চলি থকা বিতৰ্কত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ বক্তব্যত এক দশকৰ পূৰ্বেই  বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা বিষয়টো উল্লেখ কৰে।

গৃহমন্ত্ৰীৰ এই মন্তব্য সম্পৰ্কে সংবাদ মাধ্যমে প্ৰশ্ন কৰাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ” মোদী ডাঙৰীয়া ২০১৫ চনত পাকিস্তানলৈ বিৰিয়ানী খাবলৈ যোৱাৰ আগতেই মই পাকিস্তানলৈ গৈছিলোঁ। মই নাজানো তেওঁ এই কথা কিয় উত্থাপন কৰিলে। ইয়াৰ পৰিবৰ্তে হয়তো অমিত শ্বাহ ডাঙৰীয়াই  ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচৰ বাবে বিচিচিআইয়ে কিয় জোৰ দিছে, সেই বিষয়ে ভালকৈ ক’ব পাৰিলেহেঁতেন। ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ কিয় হৈছে, তাৰ বিষয়ে তেওঁৰ বহুত বেছি তথ্য আৰু সম্যক জ্ঞান থাকিলেহেঁতেন। আজিৰ দিনটোত বৰ্তমান চৰকাৰৰ বিফলতা স্বীকাৰ কৰাৰ সময় আছিল। কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোক অতীতলৈ উভতি গ’ল আৰু অমিত শ্বাহ ডাঙৰীয়াই ভাৰতীয় সেনা বাহিনীৰ সাহস আৰু দেশপ্ৰেমৰ আঁৰত নিজৰ বিফলতা লুকুৱাব বিচাৰিলে।

লগতে গগৈয়ে কয়, “ভাৰতীয় সেনা বাহিনীয়ে অপাৰেশ্যন সিন্দূৰত নিজৰ দায়িত্ব আৰু কৰ্তব্য অতি সফলতাৰে পালন কৰিলে। ভাৰতীয় সেনাবাহিনীৰ বিভাগীয় কামকাজৰ সৈতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় জড়িত। কালি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্য আমি শুনিলো। কিন্তু গহমন্ত্ৰীয়ে ভাৰতীয় বায়ু সেনা বাহিনীৰ অদম্য সাহস আৰু দেশপ্ৰেমৰ আঁৰত নিজৰ বিফলতা লুকুৱাব বিচাৰিলে নহ’ব। তাৰ পৰিবৰ্তে গৃহমন্ত্ৰীয়ে নিজৰ বিফলতাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি দায়বদ্ধতাৰ পৰিচয় দিব লাগিছিল। কাৰণ, বিগত ২০ বছৰৰ ভিতৰত পেহেলগামৰ ঘটনা হৈছে নিৰীহৰ ওপৰত অতি ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণ। পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰীয়ে ‘’ৰাজধৰ্ম’’ৰ নীতি মানি চলিব লাগিছিল।