NORTHEAST NOW (Assamese)
Popular Stories

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 29, 2025 7:59 pm

ৰাস্তাৰ কোনো অৱস্থা নাই। আঁঠুলৈকে থকা বোকাৰ মাজেদি খোজকাঢ়ি বিদ্যালয়লৈ যায় কণমানি ছাত্ৰ-ছাত্ৰী। অন্ধ্ৰ প্ৰদেশৰ পাৰ্বতীপুৰম মান্যাম জিলাৰ এটা ভিডিঅচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আলোড়নৰ সৃষ্টি কৰিছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, তেলবু বালাছাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ বোকা পাৰ হৈ গোৰ্জাপাডু বিদ্যালয়ত উপস্থিত হব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিনে এই পথেৰে বিদ্যালয়লৈ যাব লগা হয়। বিশেষকৈ বাৰিষাৰ সময়ত এই ৰাস্তাৰে যাতায়ত কৰাটো কঠিন হৈ পৰে। স্কুললৈ অহা গাঁৱৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী আদিবাসী পৰিয়ালৰ। স্থানীয় ৰাইজৰ মতে, ছাত্ৰ-ছাত্ৰীয়ে হাতত এক প্ৰকাৰৰ জীৱন লৈ বিদ্যালয়লৈ যাব লগা হয়। তেওঁলোকৰ অভিযোগ যে পথটো ঠিক কৰিবলৈ একাধিকবাৰ প্ৰশাসনৰ কাষ চাপিলেও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আনকি স্থানীয় জনপ্ৰতিনিধিকো একাধিকবাৰ এই বিষয়ে অৱগত কৰা হৈছে। অৱশ্যে কোনো লাভ নহল।

অঞ্চলটোৰ এজন বাসিন্দাই প্ৰশ্ন উত্থাপন কৰে যে আমাৰ লৰা-ছোৱালীয়ে মৌলিক শিক্ষা লাভৰ বাবে কিমান সংগ্ৰাম কৰিবলগীয়া হৈছে। আন কেইবাজনো বাসিন্দাইও একেধৰণৰ প্ৰশ্ন কৰে। স্থানীয় ৰাইজৰ মতে, যাতায়ত ব্যৱস্থা সহজ নোহোৱালৈকে উপযুক্ত শিক্ষা লাভ কৰা সম্ভৱ নহব। শীঘ্ৰে পকী পথ নিৰ্মাণৰ দাবী জনায়।