NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শৰীৰত কোভিড১৯ : চিকিৎসালয়ত ভৰ্তি গৃহমন্ত্ৰীগৰাকী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2020 5:22 pm
Amit-Shah-750x375

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শৰীৰত কোভিড১৯ ধৰা পৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে নিজৰ টুইটাৰ একাউন্টত এই কথা প্ৰকাশ কৰিছে।

২ আগষ্টৰ বিয়লিৰ নিজা টুইটাৰ একাউন্টত টুইট কৰি দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে লিখিছে, “ক’ৰ’নাৰ প্ৰাৰম্ভিক লক্ষণে দেখা দিয়াৰ পিছত, মই টেষ্ট কৰাইছিলো আৰু  ৰিপ’ৰ্ট পজিটিভ আহিছে। মোৰ স্বাস্থ্য এতিয়া ভালেই, কিন্তু চিকিৎসকৰ পৰামৰ্শ মৰ্মে মই চিকিৎসালয়ত ভৰ্তি হৈছো। মই অনুৰোধ কৰিছো বিগত কিছু দিনত মোৰ সংস্পৰ্শলৈ অহা সকলোৱে স্বাস্থ্য পৰীক্ষা কৰাওক।”