NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত পুনৰ এগৰাকী কোভিড আক্ৰান্তৰ আত্মহত্যা; ৰাজ্যত মৃতকৰ সংখ্যা ২৪ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2020 5:02 pm
COVID19-positive-death-1140x570 (1)

ত্ৰিপুৰাত বিগত ২৪ ঘণ্টাত আৰু তিনিগৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ গৰাকীলৈ বৃদ্ধি পালে।

বিগত ১৭ জুনত ত্ৰিপুৰাত প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু হৈছিল।

ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগে উল্লেখ কৰা অনুসৰি ত্ৰিপুৰাত বৰ্তমান ১৪৯০ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে বৰ্তমানলৈ ৩৪৬৪ গৰাকী ৰোগী চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

আনহাতে, ত্ৰিপুৰাত পুনৰ এগৰাকী কোভিড আক্ৰান্তই বিগত নিশা আগৰতলাৰ জি বি পি হস্পিটেলত আত্মহত্যা কৰে।

শনিবাৰে নিশা আত্মহত্যা কৰা ব্যক্তিগৰাকীৰ সৈতে বৰ্তমানলৈ ত্ৰিপুৰাত মুঠ তিনিগৰাকী কোভিড আক্ৰান্তই আত্মহত্যা কৰিছে।

আগৰতলাৰ জি বি পি হস্পিটেলৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে কোভিড আক্ৰান্ত লোক গৰাকীয়ে।

ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগে ৰাজ্যখনত বৰ্দ্ধিত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সকলো জনসাধাৰণক স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিৰ্দেশনা সমূহ মানি চলাৰ বাবে আহ্বান জনাইছে।