NORTHEAST NOW (Assamese)

ভাৰত এৰিছে বাংলাদেশীয়ে, যোৱা ২০ দিনত ১৮০ গৰাকীক গ্ৰেপ্তাৰ

November 24, 2019 4:45 pm · এন ই নাও নিউজ
Updated: November 24, 2019 4:59 pm
বাংলাদেশী প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ ফাইল ছবি।

অবৈধভাৱে থকা বহু বাংলাদেশী নাগৰিকে ভাৰত এৰিছে। যোৱা এমাহত এই সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে।

মূলতঃ শ্ৰমিক এই লোকসকলৰ স্বদেশ প্ৰত্যাৱৰ্তনো সহজ হৈ থকা নাই। ভাৰতীয় সংস্থাৰ সলনি ব’ৰ্দাৰ গাৰ্দছ বাংলাদেশ (BGB)ৰ হাতত এওঁলোক গ্ৰেপ্তাৰ হ’ব লগা হৈছে।

বি জি বিয়ে যোৱা ২০ দিনত ভাৰতৰ পৰা ঘূৰি যোৱা এনে ১৮০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।

বাংলাদেশৰ আৰক্ষী বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে, এনে প্ৰত্যাৱৰ্তন অস্বাভাৱিক নহয়, কিন্তু শেহতীয়া হাৰ অভূতপূৰ্ব।

বাংলাদেশী কৰ্তৃপক্ষই প্ৰথমে এই ঘটনাক ওলোটা প্ৰব্ৰজন বুলি ভাবিছিল। কিন্তু, গ্ৰেপ্তাৰৰ পিছত পোহৰলৈ আহে যে তেওঁলোকৰ তাত পৰিয়াল-সম্পত্তি আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এইসকলৰ বহুতৰে ভাৰতীয় নাগৰিকত্বৰ নথি-পত্ৰ আছে আৰু বহুসংখ্যকেই যোৱা ৫ৰ পৰা ১২ বছৰ ধৰি ভাৰতত আছিল।

গ্ৰেপ্তাৰ হোৱা আটাইকেইজন লোকক পশ্চিম বংগৰ নাদিয়াৰ কাষৰ বাংলাদেশী জিলা ঝেনাইদাহৰ মহেশপুৰ আৰক্ষী থানাত গতাই দিয়া হৈছে।

“তেওঁলোকে ভাৰতত কাম কৰিবলৈ যোৱা বুলি কৈছে আৰু প্ৰতিকূল পৰিস্থিতিৰ বাবে ঘূৰি আহিছে। বেছিখিনি লোকেই বেংগালুৰুত আছিল,” মহেশপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাচেদুল আলমৰ মন্তব্য।

ধাৰণা কৰা হৈছে, ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশজুৰি এন আৰ চি কৰা হ’ব বুলি কৰা ঘোষণা আৰু বেংগালুৰুত আৰক্ষীৰ শেহতীয়া তালাচীৰ ফলত বাংলাদেশী লোকসকল আতংকিত হৈছে।

লগতে পঢ়ক–  ৬১ গৰাকী “বাংলাদেশী”ক লৈ উপস্থিত ৰে’ল, ক’লকাতাত প্ৰতিবাদ

৬১ গৰাকী “বাংলাদেশী” লোকক শনিবাৰে পশ্চিম বংগ-বাংলাদেশ সীমান্তৰ পেত্ৰাপ’ল-বেনাপ’ললৈ বিতাড়নৰ বাবে নিয়া হৈছে বুলি বাতৰি ওলাইছিল।

বেংগালুৰু আৰক্ষীয়ে যোৱা মাহত এক অভিযানত এই লোকসকলক গ্ৰেপ্তাৰ কৰিছিল।

Related News