NORTHEAST NOW (Assamese)
অসম

গৃহৰক্ষীলৈ সুখবৰ, শিৱসাগৰত পুনৰ বাছনিৰ জাননী

Posted by: এন ই নাও নিউজ January 5, 2019 9:02 pm
Homeguards

যোৰহাটস্থিত গৃ্হৰক্ষী বাহিনীৰ জিলা উপদেষ্টা সত্যব্ৰত দাসে যোৱা ২৬ ডিচেম্বৰ, ২০১৮ তাৰিখে জাৰি কৰা এক জাননী যোগে শিৱসাগৰ জিলাৰ সমূহ গৃহৰক্ষী (ম্যাদ থকা/ ম্যাদ নথকা)ৰ যিসকলে ম্যাদ বৃদ্ধিৰ বাবে আবেদন কৰিছিল, তেওঁলোকক ২ আলি কুকুৰা পহীয়া পুলিচ ৰিজাৰ্ভ ফিল্দত পুনৰ বাচনিৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনাইছে।

জাননীত উল্লেখ থকা মতে বাচনি প্ৰক্ৰিয়া পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব।

যিসকল গৃহৰক্ষীৰ ম্যাদ বৰ্তমান নাই আৰু চেপাঙনী ব্লকৰ সমূহ গৃহৰক্ষীয়ে অহা ৯ জানুৱাৰিত, গৌৰীসাগৰ আৰু দিচাংপানী ব্লকৰ সমূহ গৃহৰক্ষীয়ে অহা ১১ জানুৱাৰিত, ডিমৌ আৰু সাপেখাটী ব্লকৰ সমূহ গৃহৰক্ষীয়ে অহা ১২ জানুৱাৰিত বাচনিৰ বাবে উপস্থিত হ’ব লাগিব।

উল্লেখ্য যে এই বাচনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে দাখিল কৰা মূল প্ৰমাণপত্ৰ সহ যাৱতীয় নথিপত্ৰ অনাটো বাধ্যতামূলক।

শিৱসাগৰৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাছনাহানাই এই কথা জনাইছে।