NORTHEAST NOW (Assamese)
অসম

মাজুলীত আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য্যত তদন্তৰ নিৰ্দেশ উপায়ুক্তৰ

Posted by: মিটু খাটনিয়াৰ January 5, 2019 10:00 pm
Majuli

উজনি মাজুলীৰ দেৱোত্তৰত বিসংগতিপূৰ্ণ নিৰ্মাণ কাৰ্যৰ বাবে কেইমাহমান পূৰ্বে বন্ধ ৰখা আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য পূৰ্বৰ বিসংগতি দূৰ নকৰাকৈয়ে পুনৰ আৰম্ভ কৰা বুলি উত্থাপিত ৰাজহুৱা অভিযোগ অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে মাজুলী জিলা প্ৰশাসনে।

মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই এই সন্দৰ্ভত তদন্ত চলাবলৈ গড়কাপ্তানী বিভাগক শনিবাৰে নিৰ্দেশ দিছে।

মাজুলীস্থ গড়কাপ্তানী (গ্ৰাম্য পথ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ দাস আৰু গড়কাপ্তানী (গৃহ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অঞ্জন বৰুৱাক শীঘ্ৰে নিৰ্মীয়মান আয়ুৰ্বেদিক চিকিৎসালয় গৃহ পৰিদৰ্শন কৰি বিষয়টো সন্দৰ্ভত এক তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ দায়িত্ব দিছে উপায়ুক্তই।

নিৰ্মীয়মান চিকিৎসালয় গৃহৰ ভূমিগত আধাৰ আদিত ইতিমধ্যে থাকি যোৱা নিৰ্মাণ-বিসংগতি সন্তোষজনকভাৱে দূৰ নকৰাকৈয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম)ৰ প্ৰকল্প অভিযন্তাই শেহতীয়াকৈ পুনৰ আৰম্ভ কৰা বুলি অভিযোগ উঠিছিল।

গড়কাপ্তানী বিভাগৰ দুয়োগৰাকী অভিযন্তাই অতি শীঘ্ৰে উপায়ুক্তৰ ওচৰত এই তদন্ত প্ৰতিবেদন দাখিল কৰিব লাগিব।