NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত যুৱকক অপহৰণ; ১০ লাখ টকা মুক্তিপণ দাবী

Posted by: নীলমণি শৰ্মা January 5, 2019 10:16 pm
Kidnapped

গোৱালপাৰা জিলাৰ কৃষ্ণাইত এজন যুৱকক অপহৰণ কৰি ১০ লাখ টকা মুক্তিপণ দাবী কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে অপহৃত যুৱকজন কৃষ্ণাইৰ পাইকানত থকা জুৰাচিক হস্পিটেল নমৰ ব্যক্তিগত চিকিৎসালয়খনৰ কৰ্মচাৰী। নাম বিল্লাল হুছেইন আৰু ঘৰ জিলাখনৰ বগুৱান থানাৰ অন্তৰ্গত শিমলাবাৰীত৷

পৰিয়ালৰ সূত্ৰই কয় যে যোৱা দুদিন ধৰি বিল্লাল হুছেইন নিখোজ হৈ আছে৷ পৰিয়ালৰ লোকে বিল্লালক কোন অজ্ঞাত লোকে অপহৰণ কৰা বুলি কৃষ্ণাই আৰক্ষী থানাত এজাৰ দাখিল কৰিছে৷

এজাহাৰত উল্লেখ কৰা মতে, আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অপহৰণকাৰীয়ে বিল্লালৰ মুক্তিপণ হিচাপে দহ লাখ টকা দাবী কৰিছে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে যদিও বিল্লাল বা অপহৰণকাৰী, কোনোৰে একো শুংসূত্ৰ উলিয়াব পৰা নাই৷