NORTHEAST NOW (Assamese)
অসম

Hondaৰ ‘কাৰ’ত ৪ লাখ টকাৰ ডিস্কাউন্ট; ৩০ ছেপ্টেম্বৰ পৰ্যন্ত আছে অ’ফাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2019 3:26 pm
city_091319010814 123

উৎসৱৰ দিন সমাগত। ইয়াৰ মাজতে Honda ৰ তৰফৰ পৰা ইয়াৰ ‘কাৰ’ সমূহত ৪ লাখ টকা পৰ্যন্ত ডিস্কাউন্ট আগবঢ়াইছে।

তদুপৰি, পুৰণি কাৰ এক্সচেঞ্জ কৰি অতিৰিক্ত ডিস্কাউন্টো লাভ কৰিব পাৰে। অৱশ্যে কোম্পানীৰ এই সকলোবোৰ অ’ফাৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্তহে থাকিব।

কোম্পানীৰ এই অ’ফাৰসমূহত কি আছে এবাৰ চাই লওকঃ

Honda Amaze: হোণ্ডাৰ এই কাৰ খনত মুঠ ৪২ হাজাৰ টকাৰ ৰেহাই পাব। কোম্পানীৰ ৱেবছাইটত দিয়া জাননী অনুসৰি নতুন কাৰ ক্ৰয় কৰিলে ১২,০০০ টকাৰ এক্সটেণ্ডেড ৱাৰেন্টি লাভ কৰিব।

তদুপৰি, ১৬,০০০ টকাৰ ৩ বছৰৰ বাবে হোণ্ডা কেয়াৰ মেইন্টেইনেন্স কাৰ্যসূচীৰ সুবিধাও লাভ কৰিব। সেইদৰে পুৰণি কাৰ এক্সচেঞ্জত চতুৰ্থ আৰু পঞ্চম বছৰৰ বাবে ১২,০০০ টকা পৰ্যন্ত এক্সটেণ্ডেড ৱাৰেন্টি লাভ কৰিব।

ইয়াৰ উপৰি ৩০,০০০ টকা পৰ্যন্ত অতিৰিক্ত ৰেহাইয়ো আছে। অৱশ্যে, ACE এডিছনত এই অ’ফাৰ প্ৰযোজ্য নহয়। ইয়াৰ বাবে বেলেগকৈ অ’ফাৰ আগবঢ়োৱা হৈছে।

Honda Jazz : এই কাৰ খনত ২৫,০০০ টকাৰ নগদ ডিস্কাউন্ট আছে। তদুপৰি, পুৰণি কাৰ এক্সচেঞ্জ কৰা ক্ষেত্ৰত চৰ্ত সাপেক্ষে ২৫,০০০ টকাৰ অতিৰিক্ত ৰেহাইয়ো লাভ কৰিব পাৰে।

civic_091319010814 34
ফটো : নৰ্থইষ্ট নাও

Honda WR-V : হোণ্ডাৰ এই কাৰ খনত ২৫,০০০ টকাৰ নগদ ডিস্কাউন্টৰ লগতে এক্সচেঞ্জ অ’ফাৰৰ জৰিয়তে অতিৰিক্ত ২৫,০০০ টকা পৰ্যন্ত ৰেহাই আছে।

Honda City : এই কাৰ খনত নগদ ৰেহাই কথা যদি কোৱা হয় তেতিয়াহ’লে ৩০,০০০ টকা ডিস্কাউন্ট লাভ কৰাৰ লগতে এক্সচেঞ্জ অ’ফাৰত ৩২,০০০ টকাৰ অতিৰিক্ত ৰেহাই লাব কৰিব।

Honda BR-V: এই কাৰ খনত ১.১০ টকা পৰ্যন্ত লাভৰ সুবিধা ল’ব পাৰে। পুৰণি কাৰ এক্সচেঞ্জ কৰি নতুন BR-V ক্ৰয় কৰিলে ৩৩,৫০০০ টকা পৰ্যন্ত নগদ ডিস্কাউন্ট, ৫০,০০০ টকাৰ অতিৰিক্ত ডিস্কাউন্ট আৰু ২৬,৫০০ টকাৰ সা-সৰঞ্জাম আগবঢ়োৱা হ’ব।

Honda Civic : এই কাৰ খনত চৰ্তসাপেক্ষে নগদ ডিস্কাউন্ট ২ লাখ ৫০ হাজাৰ টকা পৰ্যন্ত ৰেহাই দিয়া হৈছে।

Honda CR-V : এই কাৰ খনত চৰ্তসাপেক্ষে নগদ ডিস্কাউন্ট ৪ লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰে। হোণ্ডাৰ এই সকলোবোৰ অ’ফাৰ স্থান আৰু ইয়াৰ ভিন্নতা অনুসৰি বেলেগ হ’ব পাৰে। অধিক জানিবৰ বাবে https://www.hondacarindia.com/offers লিংকত ভিজিট কৰি চাব পাৰে।