NORTHEAST NOW (Assamese)

বিষাক্ত চুলাই মদ পান কৰি পুনৰ মৃত্যুক সাৱটিলে ৮ জনকৈ লোকে, এজন হৈ পৰিল অন্ধ, ক’ত?

March 31, 2021 6:09 pm · এন ই নাও নিউজ

বিষাক্ত মদ পান কৰি পুনৰ কৰুণ মৃত্যুক সাৱটিলে ৮ জনে।

বিষাক্ত মদ পানৰ ঘটনা সংঘটিত হৈছে বিহাৰত।

আৰজেডিয়ে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে বিহাৰৰ নাওদাত ৬ জন আৰু বেগুচৰাইত ২ জন লোকৰ বিষাক্ত মদ পান কৰি মৃত্যু ঘটিছে।

হোলীৰ আনন্দত মতলীয়া ৰাজ্য খনত চুলাই মদ পান কৰাৰ পিছতে বহু কেইজন লোক গুৰুতৰ ভাবে অসুস্থ হৈ পৰে।

ইয়াৰে চামৰি চৌধুৰী নএজন লোকে বিষাক্ত মদ পান কৰাৰ পিছতে অন্ধ হৈ পৰে।

স্থানীয় লোকসকলে অসুস্থ হৈ পৰা লোক সকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও বাটতে ৮ জন লোকৰ মৃত্যু ঘটে।

ইপিনে স্থানীয় একাংশ লোকে অভিযোগ কৰা অনুসৰি আৰক্ষী আৰু আৱকাৰী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি দীৰ্ঘ দিন ধৰি দুষ্ট চক্ৰই বিহাৰত চুলাই মদৰ ৰমৰমীয়া বেহা চলাই আহিছে।

বিহাৰত ২০১৬ চনতে মদ নিষিদ্ধ কৰা হৈছিল যদিও চৰকাৰ উদাসীনতাৰ বাবেই ৰাজ্য খনত আজিও মদৰ বেহা চলি আছে।

মদ পান কৰি ৮ জনকৈ লোকৰ মৃত্যু ঘটাৰ পিছতে এতিয়া সেয়ে শলঠেকত পৰিছে নীতিশ কুমাৰৰ চৰকাৰ।

চৰকাৰে সেয়ে ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ উঠিছে।

Related News