NORTHEAST NOW (Assamese)

চীনৰ সমৰ্থনতে কাশ্মীৰত পুনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ বাহাল হ’ব, ফাৰুক আব্দুল্লাৰ মন্তব্যকলৈ প্ৰতিক্ৰিয়া

October 12, 2020 7:18 am · এন ই নাও নিউজ
Updated: October 12, 2020 7:19 am

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই কৰা এক মন্তব্যই এতিয়া জোকাৰি গৈছে সমগ্ৰ দেশকে।

এটা ৰাষ্ট্ৰীয় টেলিভিছন চেনেলক দিয়া সাক্ষাৎকাৰত আব্দুল্লাই কয় যে কাশ্মীৰৰ পৰা ভাৰত চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপ কৰাটো চীনে কেতিয়াো মানি লোৱা নাই।

সেই বাবেই চীনে লাডাখত নিজৰ অধিকাৰ সাৱস্ত্য কৰিবলৈ চেষ্টা চলাইছে বুলি তেওঁ মন্তব্য কৰে।

কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপ কৰি চৰকাৰে কাশ্মীৰী জনতাৰ অধিকাৰ কাঢ়ি নিয়া বুলি উল্লেখ কৰি আব্দুল্লাই কয় যে এদিন চীনৰ সমৰ্থনতে কাশ্মীৰত পুনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ বাহাল হ’ব।

উল্লেখ্য ২০১৯ চনৰ ৫ আগষ্টৰ দিনা ভাৰত চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপ কৰি জম্মুক এটা আৰু কাশ্মীৰ তথা লাডাখকলৈ আন এটা কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰিছিল।

লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাবে ঘোষণা কৰাৰ পিছতে চীনে বিষয়টোকলৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

চীনৰ চৰকাৰী সংবাদপত্ৰ গ্ল’ৱেল টাইমছত দেশখনৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ ৱেন ৱাংবিনে কৈছিল যে চীনে কেতিয়াও লাডাখক ভাৰত বুলি মানি নলয়।

চীনে লগতে কৈছিল যে লাডাখ যিহেতু চীনৰ অন্তৰ্গত সেয়ে ভাৰত চৰকাৰে লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাবে ঘোষণা কৰাৰ কোনো অধিকাৰ নাই।

ইয়াৰ মাজতে ফাৰুক আব্দুল্লাই চীনৰ সহযোগতে কাশ্মীৰত পুনৰ ৩৭০ অনুচ্ছেদ বাহাল হ’ব বুলি কৰা মন্তব্যই এতিয়া বেছ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

Related News