NORTHEAST NOW (Assamese)

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 30, 2026 9:25 am

চাৰিমহীয়া সংঘাতৰ স্থায়ী সমাধানৰ লক্ষ্যৰে মঙলবাৰে দোহাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত অনুষ্ঠিত হবলগীয়া গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণক লৈ নতুন মতানৈক্যৰ সৃষ্টি হৈছে। এই মতানৈক্যৰ প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় তৈল বজাৰতো পৰিলক্ষিত হৈছে, ত বিনিয়োগকাৰীসকলে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু ইয়াৰ ফলশ্ৰুতিতে মঙলবাৰে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে। পূৰ্বৰ অধিৱেশনত এক দশমিক আঠ শতাংশ বৃদ্ধি পোৱাৰ পাছত ছেপ্টেম্বৰ মাহৰ যোগানৰ বাবে ব্ৰেণ্ট ক্ৰুডৰ মূল্য প্ৰতি বেৰেলত ৭৩ ডলাৰৰ ঘৰ অতিক্ৰম কৰিছে। একেদৰে ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েটৰ (ডব্লিউ টি আই) মূল্য প্ৰতি বেৰেলত ৭০ ডলাৰৰ ওচৰত স্থিৰ হৈ আছে।

বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তি সৰবৰাহৰ পথসমূহৰ অন্যতম হৰমুজ প্ৰণালীৰে জাহাজৰ চলাচল পৰিচালনাৰ ক্ষেত্ৰত ইৰাণে নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচৰাৰ পাছতেই তৈল বজাৰত এই মূল্যবৃদ্ধি ঘটিছে। ইৰাণৰ উপ-বৈদেশিক মন্ত্ৰী কাজেম ঘৰিবাবাদীয়ে স্পষ্ট কৰি দিছে যে যদিহে ওমানে জলপথটো যুটীয়াভাৱে পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰে, তেন্তে তেহৰাণে প্ৰণালীটোৰে হোৱা যাতায়াত তদাৰক কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিব। আলোচনাৰ পূৰ্বে প্ৰকাশ পোৱা এই অটল স্থিতিয়ে দুয়োপক্ষৰ মাজত থকা পাৰ্থক্যকে প্ৰতিফলিত কৰিছে। আমেৰিকাই দোহাত আলোচনা অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰিলেও ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে ৱাশ্বিংটনৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ সম্ভাৱনা নাকচ কৰি কেৱল কাৰিকৰী বিশেষজ্ঞৰ এটা দলহে প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে, যিয়ে এই কূটনৈতিক প্ৰক্ৰিয়াটোৰ ভংগুৰতাক উদঙাই দিছে।

বৰ্তমানৰ অন্তৱৰ্তীকালীন চুক্তি অনুসৰি, ইৰাণে পৰৱৰ্তী ৬০ দিনৰ বাবে হৰমুজ প্ৰণালী ব্যৱহাৰ কৰা জাহাজসমূহৰ ওপৰত কোনো ধৰণৰ যাতায়াত মাচুল আৰোপ নকৰিবলৈ সন্মত হৈছে। অৱশ্যে এই চুক্তিয়ে ভৱিষ্যতে মাচুল প্ৰৱৰ্তনৰ বাট মুকলি ৰাখিছে, যিটো প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছে আমেৰিকা, ইউৰোপীয় দেশসমূহ আৰু উপসাগৰীয় আৰৱ ৰাষ্ট্ৰসমূহে। যোৱা সপ্তাহাত জলপথটোৰ সমীপত দুখন জাহাজ আক্ৰমণৰ বলি হোৱাৰ পাছত প্ৰণালীটোৰে জাহাজৰ যাতায়াত মন্থৰ হৈ পৰিছিল যদিও লাহে লাহে টেংকাৰৰ চলাচল পুনৰ আৰম্ভ হৈছে। নিৰাপত্তাজনিত শংকা থকাৰ পাছতো জাহাজ কোম্পানীসমূহ এই পথটো ব্যৱহাৰ কৰিবলৈ আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে।

যোগান ব্যাহত হোৱাৰ আশংকা হ্ৰাস পোৱাৰ লগে লগে যুদ্ধৰ সময়ত হোৱা খাৰুৱা তেলৰ অস্বাভাৱিক মূল্যবৃদ্ধি বৰ্তমান বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে। ব্ৰেণ্ট ক্ৰুড বৰ্তমান যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বৰ মূল্যৰ ওচৰত বিক্ৰী হৈছে, যিয়ে হৰমুজ প্ৰণালীৰে খাৰুৱা তেলৰ সৰবৰাহ স্বাভাৱিক হোৱাৰ আশা কঢ়িয়াই আনিছে। ইয়াৰ মাজতে মৰ্গান ষ্টেনলীয়ে তেওঁলোকৰ ডেটেড ব্ৰেণ্টৰ পূৰ্বানুমান হ্ৰাস কৰিছে। প্ৰতিষ্ঠানটোৱে ইয়াৰ কাৰণ হিচাপে হৰমুজ প্ৰণালী প্ৰত্যাশিত সময়তকৈ সোনকালে মুকলি হোৱা, আমেৰিকাৰ খাৰুৱা তেলৰ ৰপ্তানিৰ ধাৰাবাহিকতা আৰু চীনৰ বজাৰত তেলৰ চাহিদা হ্ৰাস পোৱাৰ কথা উল্লেখ কৰিছে। বৰ্তমান দোহাত অনুষ্ঠিত হবলগীয়া আমেৰিকা আৰু ইৰাণৰ বিশেষজ্ঞ পৰ্যায়ৰ আলোচনাৰ ফলাফলেহে সমগ্ৰ পৰিস্থিতিৰ পৰৱৰ্তী দিশ নিৰ্ণয় কৰিব।

Related News