NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত প্ৰথমবাৰৰ বাবে হৰ্নবিল ফেষ্টিভেল

Posted by: তন্ময় চক্ৰবৰ্তী Updated by: তন্ময় চক্ৰবৰ্তী February 8, 2020 3:10 pm
Hornbill Festival

এটা প্ৰধান উৎসৱ হৰ্নবিল ফেষ্টিভেল এইবাৰ প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত অনুষ্ঠিত কৰা হৈছে।

আজি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে আগৰতলাৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত থকা বাৰামুৰা পাহাৰত থকা বাৰামুৰা ইক’-পাৰ্কত বিশেষ উৎসৱটি উদ্বোধন কৰে।

মুখ্য মন্ত্ৰীজনে লগতে ধনেশ চৰাই চাব পৰাকৈ নিৰ্মাণ কৰা এটা লগ-হাট (কুটীৰ)-ও উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানটোত নিজৰ বক্তব্যত দেবে কয় যে পাহাৰটোত প্ৰায় আঠ-দহটা ধনেশ চৰাইৰ (hornbill) পৰিয়াল আছে।

ধনেশ চৰাই কেন্দ্ৰিক এই হৰ্নবিল ফেষ্টিভেল প্ৰতি বছৰৰ ডিচেম্বৰত নাগালেণ্ডে উদযাপন কৰি আহিছে। ৰাজ্যখনৰ ই আটাইতকৈ প্ৰখ্যাত উৎসৱ, য’লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰো আগমন ঘটে।

এইবাৰ প্ৰথম বাৰ ত্ৰিপুৰাত এই উৎসৱটো অনুষ্ঠিত কৰাৰ কাৰণ দাঙি ধৰি মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে কয়, “আমি উত্তৰ-পূবৰ লোকসকলে পৰস্পৰৰ উৎসৱ আৰু সংস্কৃতিবোৰ বিনিময় কৰিব লাগে। কেৱল নাগালেণ্ডেহে কিয় হৰ্নবিল ফেষ্টিভেল উদযাপন কৰিব লাগে। আমিও যদি এই উৎসৱ পাতো নাগা লোকসকলো ত্ৰিপুৰালৈ আকৰ্ষিত হ’ব। তেওঁলোকে ত্ৰিপুৰা আৰু ইয়াৰ মানুহৰ প্ৰতি এটা আকৰ্ষণ অনুভৱ কৰিব”।

মুখ্য মন্ত্ৰীৰ উপৰি ৰাজ্যখনৰ বন মন্ত্ৰী মাবৰ কুমাৰ জামাতিয়া আৰু বিধায়ক কল্যাণী ৰয়ো অনুষ্ঠানটোত উপস্থিত আছিল।

উৎসৱটিৰ দ্বিতীয় অংশটো তেলিমূৰা টাউনহলত অনুষ্ঠিত হয়, য’ত ধনেশ পক্ষী আৰু ত্ৰিপুৰাৰ বিষয়ে আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।