NORTHEAST NOW (Assamese)

গুৱাহাটীৰ আজাৰাত ভয়াৱহ দুৰ্ঘটনাঃ চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য

December 30, 2023 3:27 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী মহানগৰীৰ আজাৰাত আজি সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন ব্যক্তি।

এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য অঞ্চলটোত থকা চিচিটিভি কেমেৰাত বন্দী হৈছে। চিচিটিভি ফুটেজত দেখা গৈছে দুৰ্ঘটনাৰ দৃশ্যাংশ।

প্ৰকাশিত ভিডিঅ’টোত একে দিশৰ পৰা আহি থকা এখন এল্ট’ বাহনক এখন ডাম্পাৰে মহতীয়াই নিয়া দেখিবলৈ পোৱা গৈছে।

পিছৰ পৰা আহি থকা এল্ট’ বাহনখনে হঠাতে ডাম্পাৰখনক অভাৰটেক কৰাৰ চেষ্টা কৰা ভিডিঅ’টোত পৰিলক্ষিত হৈছে।

এইদৰে হঠাতে বাহনখনে অতিক্ৰম কৰাৰ বাবে ডাম্পাৰচালকজনে নিয়ন্ত্ৰণত বিফল হয় আৰু এল্ট’ খনক মহতীয়াই নিয়ে।

দুৰ্ঘটনাত এল্ট’ চালকজন গুৰুতৰভাৱে আহত হয়। তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়।

আনহাতে দুৰ্ঘটনাৰ পিছতে ডাম্পাৰচালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে।

Related News