NORTHEAST NOW (Assamese)
অসম

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসক অস্থায়ী কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া May 25, 2020 5:05 pm
cotton university assam

ল’কডাউনৰ সময়ত বিভিন্ন ঠাইত আৱদ্ধ লোক সকল নিজ ৰাজ্যলৈ উভতি অহাৰ সময়তে চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা কৰা কোৱাৰেণ্টাইন কেন্দ্ৰৰ আসন হ্ৰাস পাই আহিছে।

ৰাজ্যৰ সীমিত কোৱাৰেণ্টাইন সুবিধাৰ আসন কিছু পৰিমাণে বৃদ্ধি কৰাৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কামৰূপ মহানগৰ জিলাৰ তিনিখন শিক্ষা প্ৰতিষ্ঠান কোভিড-১৯ কেয়াৰ বা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে কটন বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ আবাস আৰু ছাত্ৰী নিবাসত এতিয়াৰে পৰা বাহিৰৰ পৰা অহা লোকসকলক কুৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰিছে।

ইয়াৰোপৰি, পশ্চিম বৰাগাঁওৰ প্ৰাগজ্যোতিষ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, পূব বৰাগাঁৱৰ চেইণ্ট ফ্ৰান্সিছ ডি এছিছি হাইস্কুলকো আজি সন্ধিয়াৰ পৰা কোৱাৰেন্টাইন চেণ্টাৰলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, অসম চৰকাৰে জিলা প্ৰশাসনৰ সহযোগত বিভিন্ন জিলাৰ বিদ্যালয়, মহাবিদ্যালয় সমূহক অস্থায়ী কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে।