NORTHEAST NOW (Assamese)

Breaking মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী প্ৰসংগকলৈ উত্তপ্ত বিধানসভা; দহ মিনিটৰ বাবে স্থগিত সদন

December 20, 2021 11:09 am · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

Breaking আজিৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে সদন উত্তাল কৰি তোলাৰ সময়ত স্থগিত ৰাখিব লগা হৈছে সদন।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ উত্তাল বিধানসভাৰ সদন। ১০ মিনিটৰ বাবে স্থগিত সদন।

বিধায়ক অখিল গগৈয়ে উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰসংগ।

তাৰোপৰি, বিৰোধী কংগ্ৰেছেও আনিছিল ভূমি কেলেংকাৰীৰ প্ৰসংগৰে সভা স্থগিতৰ প্ৰস্তাৱ।

প্ৰস্তাৱতো সদনৰ মজিয়াত পাঠ কৰি নিদিয়াত ক্ষুব্ধ হৈ পৰে বিধায়ক অখিল গগৈৰ লগতে অন্যান্য বিৰোধী বিধায়কসকল।

ইপিনে, শাসকীয় বিধায়কসকলেও উত্থাপন কৰে অখিল গগৈৰ অৰ্কিড পাৰ্কৰ ভূমি বেদখলৰ প্ৰসংগ।

শাসক বিৰোধীৰ বাক যুদ্ধত সদন উত্তাল হৈ পৰাত ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয় বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

সদন পুনৰ আৰম্ভ হোৱাৰ পাছত বিষয়টোকলৈ আকৌ সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে। 

Related News