NORTHEAST NOW (Assamese)

কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক ঘৰত ভয়ংকৰ অগ্নিকাণ্ড

February 5, 2020 4:13 pm · দীপক কুমাৰ পাঠক

বাক্সা জিলাৰ তামুলপুৰত আজি পুৱা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত এটা ঘৰৰ বহু মূল্যৱান সা-সামগ্ৰী জুইত জাহ যায়।

অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটোৰ গৰাকী ডাঃ ৰমেন কুমাৰ কাকতি বুলি জানিব পৰা গৈছে। ৰমেন কাকতি অঞ্চলটোৰ এগৰাকী বিশিষ্ট চিকিৎসক আৰু কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক।

প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৪.৩০ বজাত কলিতাৰ ঘৰৰ বহা কোঠাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

পিছত স্থানীয় লোকে তামুলপুৰ আৰক্ষী থানা আৰু ৰঙীয়াৰ অগ্নি নিৰ্বাপন বাহিনীক ঘটনা সম্পৰ্কত খবৰ দিয়াত তামুলপুৰ আৰক্ষী আৰু ৰঙীয়া অগ্নি নিৰ্বাপন বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়।

অগ্নিকাণ্ডৰ ফলত কোঠাটোত থকা গুৰুত্বপূৰ্ণ কিতাপ-পত্ৰকে ধৰি বহু মূল্যবান সা-সামগ্ৰী নষ্ট হয় বুলি জানিব পৰা গৈছে।

Related News