NORTHEAST NOW (Assamese)
অসম

সেনাৰ তালাচী অভিযান! বিস্ফোৰণত উৰি গ’ল পেহেলগাম আক্ৰমণৰ সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ঘৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2025 10:52 am
সেনাৰ তালাচী অভিযান! বিস্ফোৰণত উৰি গ’ল পেহেলগাম আক্ৰমণৰ সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ঘৰ

পেহেলগামত নিৰীহ পৰ্যটকৰ ওপৰত সংঘটিত হোৱা আক্ৰমণত সন্দেহযুক্ত হিচাপে উত্থাপিত হৈছে লস্কৰ-ই-তৈবাৰ হেণ্ডলাৰ আছিফ শ্বেখৰ নাম। বৃহস্পতিবাৰে সামৰিক তালাচী অভিযানৰ সময়ত সন্দেহযুক্ত সন্ত্ৰাসবাদীজনৰ ঘৰত সংঘটিত হয় এক বিস্ফোৰণ। জম্মু-কাশ্মীৰৰ ট্ৰালত সংঘটিত হৈছে এই ঘটনা।

কেৱল আছিফেই নহয়, পেহেলগামত সংঘটিত হোৱা নৃশংস আক্ৰমণৰ লগত জড়িত আন এজন সন্ত্ৰাসবাদী ঘৰটোও ধূলিস্যাৎ কৰা হৈছে। অৱশ্যে দ্বিতীয় সন্ত্ৰাসবাদীজনৰ ঘৰ প্ৰশাসনেই ভাঙি পেলোৱাৰ কথা জানিব পৰা গৈছে।

২২ এপ্ৰিলত পেহেলগাম বৈছৰণত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন নিৰীহ পৰ্যটক নিহত হৈছিল। সেই আক্ৰমণত সন্দেহযুক্ত হিচাপে ওলাইছিল আদিল হুছেইন থোকাৰ ওৰফে আদিল গুৰি আৰু আছিফ শ্বেখৰ নাম। দুয়োজন সন্দেহযুক্তই কাশ্মীৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ট্ৰালত আছিফ শ্বেখৰ ঘৰত সেনাই অভিযান চলায়। তালাচীৰ সময়ত তেওঁলোকে ঘৰটোত জমা হৈ থকা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৱিষ্কাৰ কৰে।

সেনাই তেওঁলোকক ফান্দত পেলাবলৈ চেষ্টা কৰাৰ কথা বুজিব পাৰি তেওঁলোকে খৰধৰকৈ ঘৰৰ পৰা ওলাই আহে। লগে লগে সংঘটিত হয় এক বিস্ফোৰণ। বৃহৎ বিপদৰ পৰা কথমপি ৰক্ষা পৰে সেনা বিষয়াসকল। আছিফৰ সন্ধানত অভিযান চলি আছে।