NORTHEAST NOW (Assamese)

গুৱাহাটীৰ বুকুত আজিও জীয়াই আছে চলিহাৰ সাহিত্যিক সত্তা: পালন কৰা হ’ল ভাল খবৰৰ দিন

January 5, 2026 8:08 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 5, 2026 8:12 pm

বছৰৰ পহিলা তাৰিখৰ এটা উমাল দুপৰীয়া। উৎসৱৰ পৰিৱেশৰ মাজতে গুৱাহাটীৰ এজাক সাহিত্য অনুৰাগী ‎একগোট হৈছিল এটা বিশেষ দিন পালন কৰিবলৈ – ভাল খবৰৰ দিন। প্ৰতি বছৰে ১ জানুৱাৰীত ‎সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজে সাহিত্যিকগৰাকীলৈ সন্মান জনাই এই অনুষ্ঠানৰ আয়োজন ‎কৰে। ‎

এই অনুষ্ঠানটো কোনো ধৰণৰ আড়ম্বৰপূৰ্ণ উৎসৱ নাছিল। বৰঞ্চ ই আছিল চলিহাৰ জীৱন আৰু ‎আদৰ্শৰ প্ৰতি এক নিৰৱ শ্ৰদ্ধাঞ্জলি। চলিহাই নিজৰ জীৱনকালত যিদৰে নাম বা জনপ্ৰিয়তাৰ পৰা ‎আঁতৰত থাকিবলৈ বিচাৰিছিল, এই অনুষ্ঠানটোও ঠিক তেনেকুৱাই আছিল।

এইবাৰৰ অনুষ্ঠানৰ মূল কেন্দ্ৰবিন্দু আছিল বিশিষ্ট লেখক বিনয় মোহন শইকীয়াৰ বক্তৃতা। তেওঁ সৌৰভ ‎কুমাৰ চলিহাৰ লেখাত ‘লোকবিশ্বাস আৰু অতিন্দ্ৰিয় অভিজ্ঞতাৰ ছাঁ’ শীৰ্ষক বিষয় সম্পৰ্কে আলোচনা ‎কৰে। শইকীয়াই তেওঁৰ ভাষণত কয় যে সৌৰভ কুমাৰ চলিহা বিষয়টো যথেষ্ট জটিল আৰু ইয়াৰ ‎কাৰণ হৈছে তেওৰ লিখন শৈলীৰ অগতানুগতিকতা আৰু অভিনৱ বক্তব্য। তেওঁ তেওঁৰ লেখাত ‎সকলো ধৰণৰ সাধাৰণীকৰণৰ পৰা আঁতৰি আছিল। তেওৰ সৃষ্টিৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে তেওঁৰ ‎লেখাৰ বিষয়বস্তুৰ বৈচিত্ৰতা। তেওঁৰ লেখাত বিজ্ঞানৰ উপৰি সংগীত, চিনেমা, মনস্তত্ত্ব গভীৰভাবে ‎সম্পৃক্ত হৈ থাকে।

ইয়াৰ পিছতে নাটকীয় পাঠেৰে দৰ্শকক মোহিত কৰে নাট্য শিল্পী ঝুনাকংকণ ভূঞাই। তেওঁ চলিহাৰ ‎দুটা বিখ্যাত গল্প ‘শুদ্ধি’ আৰু ‘গ্ৰন্থমেলা ডট কম’ পাঠ কৰি শুনায়। তেওঁৰ আবেগপূৰ্ণ পাঠে উপস্থিত ‎সকলোৰে মন জয় কৰে আৰু বুজাই দিয়ে যে আজিও চলিহাৰ গল্পবোৰ আমাৰ সমাজৰ বাবে কিমান ‎প্ৰাসংগিক। ইয়াৰ উপৰি লেখিকা নমিতা বৈশ্যই নতুন প্ৰজন্মৰ দৃষ্টিত সৌৰভ কুমাৰ চলিহাৰ গুৰুত্বৰ ‎বিষয়ে কয়। তেওঁ উল্লেখ কৰে যে সময় সলনি হ’লেও নতুন প্ৰজন্মৰ পাঠকসকলে আজিও চলিহাৰ ‎লেখাত নতুন অৰ্থ বিচাৰি পায়।

ভাল খবৰৰ দিন পালন কৰাৰ এই পৰম্পৰাৰ আঁৰত আছে এক বিশেষ ইতিহাস। ১৯৯৮ চনত ‎সৌৰভ কুমাৰ চলিহাই এখন অসমীয়া বাতৰিকাকতত এটা প্ৰবন্ধ লিখিছিল। তাত তেওঁ এজন ‎কিশোৰে আত্মহত্যা কৰা এটা সৰু খবৰৰ কথা উল্লেখ কৰিছিল। সেই খবৰটোৱে তেওঁক বৰকৈ ‎বিচলিত কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে এই অশান্ত পৃথিৱীত নতুন প্ৰজন্মৰ বাবে মমতা আৰু ‎মানৱতাৰ বৰ প্ৰয়োজন। তেওঁ পাঠকসকলক আহ্বান জনাইছিল যেন যিকোনো পৰিস্থিতিতে ‎তেওঁলোকে মানৱতা আৰু সংবেদনশীলতা ধৰি ৰাখে। সেই বাৰ্তাকে সাৰোগত কৰি তেওঁৰ ‎অনুৰাগীসকলে প্ৰতি বছৰে এই দিনটো পালন কৰি আহিছে।

গুৱাহাটীত সাহিত্যিক, শিল্পী আৰু পাঠকসকলে নতুন বছৰৰ প্ৰথম দিনটোত একত্ৰিত হৈ চলিহাক ‎সোঁৱৰণ কৰে। ভাল খবৰৰ দিন কেৱল এটা অনুষ্ঠান নহয়, ই হৈছে মানুহক মানৱীয় কৰি ৰখাৰ এক ‎প্ৰচেষ্টা, এক নিৰৱ বাৰ্তা। অশান্তিৰ বাতৰিৰ মাজতো মানুহৰ প্ৰতি থকা মৰম আৰু সদিচ্ছাই যে ‎আটাইতকৈ ভাল খবৰ হ’ব পাৰে, সেই কথাকে এই অনুষ্ঠানে সোঁৱৰাই দিয়ে।

Related News