Home › দেশ কুম্ভকৰ্ণ নিদ্ৰাত অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়! চোনম ৱাংচুকৰ গৃহ মন্ত্ৰালয়লৈ প্ৰশ্ন April 27, 2024 2:04 pm · এন ই নাও নিউজ, গুৱাহাটী কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ইয়াৰ জনসাধাৰণৰ বাবে সাংবিধানিক সুৰক্ষাৰ দাবীত প্ৰতিবাদত আগভাগ লোৱা লাডাখী উদ্ভাৱক তথা কৰ্মী চোনম ৱাংচুকে ছ’চিয়েল মিডিয়াত তেওঁক ট্ৰ’ল কৰা সকলোৰে সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মাজত কোনো সম্পৰ্ক আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। সমগ্ৰ লাডাখ আৰু কাৰ্গিলৰ বিভিন্ন দল-সংগঠনে অনশন কাৰ্যসূচী গ্ৰহণ কৰা ৫১ সংখ্যক প্ৰতিবাদৰ দিনটোত ৱাংচুকে আন্দোলন সন্দৰ্ভত তেওঁৰ পোষ্টত লাভ কৰা বিভিন্ন ধৰণৰ ট্ৰলিঙৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰি এটা ভিডিঅ’ প্ৰকাশ কৰে। উদ্ভাৱকজনে কয় যে তেওঁক চিআইএৰ এজেণ্ট বুলি কোৱা হৈছে, আমেৰিকাৰ দানবীৰ জৰ্জ ছ’ৰ’ছৰ পৰা ধন লাভ কৰাৰ অভিযোগ আৰু চীনৰ পৰা ধন লৈ ভাৰতৰ অপপ্ৰচাৰত লিপ্ত হোৱাৰ অভিযোগেৰে চোনমক ট্ৰ’ল কৰা দেখা গৈছে। চীনা পুঁজিৰ অভিযোগত ৱাংচুকে কয়, “কেৱল মোৰ বাবেই নহয়, লাডাখৰ সকলো জনসাধাৰণৰ বাবেও আঘাতজনক, কাৰণ আমি ভাৰতক চীনৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰি আহিছোঁ, আৰু এনে পৰিস্থিতিত এই অভিযোগবোৰ অতি আমাৰ বাবে অতি দুখঃজনক”। ‹ মণিপুৰত পুনৰ হিংসা! দুটা গোটৰ মাজত গুলীয়াগুলিৰ… মোদীৰ গৃহৰাজ্য গুজৰাটত শোচনীয় বিজেপিৰ অৱস্থা; দুদিনত… › Related Newsগুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?July 10, 2026 1:35 pm · এন ই নাও নিউজ, গুৱাহাটী গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীওJuly 10, 2026 11:34 am · এন ই নাও নিউজ, গুৱাহাটী ২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবেJuly 10, 2026 10:36 am · এন ই নাও নিউজ, গুৱাহাটী ‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰJuly 10, 2026 9:31 am · এন ই নাও নিউজ, গুৱাহাটী প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সেJuly 10, 2026 8:06 am · এন ই নাও নিউজ, গুৱাহাটী