NORTHEAST NOW (Assamese)
Popular Stories

উজাগৰে কাম কৰাৰ প্ৰভাৱ : ডেকা বয়সতে মগজুৱে কাম কৰে বৃদ্ধ লোকৰ দৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2023 8:10 am

খুব ব্যস্ততা বা কামৰ চাপ বেছি হ’লে আমাৰ মুখৰ পৰা এটা সাধাৰণ বাক্য ওলাই আহে – ‘কোনো সমস্যা নাই, মই গোটেই ৰাতিটো উজাগৰে থাকি কাম সম্পূৰ্ণ কৰিম। এনেকৈ গোটেই ৰাতি পঢ়াশুনা বা অফিচৰ কাম কৰাটো বহুতৰে বাবে স্বাভাৱিক।

ফ্ৰীলান্সিং আৰু দূৰৱৰ্তী চাকৰিৰ জগতখনত গভীৰ নিশা কাম কৰাটো একাংশৰ অভ্যাসত পৰিণত হৈছে। কিন্তু নিয়মিতভাৱে ৰাতি উজাগৰে থকা লোকসকলৰ বাবে এটা বেয়া খবৰ। জাৰ্নেল অৱ নিউৰ’ছায়েন্সৰ গৱেষকৰ মতে, মাত্ৰ এৰাতি উজাগৰে কাম কৰিলে মগজুৰ বয়স প্ৰায় কেইবছৰো বৃদ্ধি পায়!

জাৰ্নেল অৱ নিউৰ’ছায়েন্সৰ গৱেষকৰ অধীনত ১৯ৰ পৰা ৩৯ বছৰ বয়সৰ মুঠ ১৩৪ গৰাকী পুৰুষ আৰু মহিলাৰ ওপৰত এটা গৱেষণা চলোৱা হৈছিল। গৱেষণা কৰি গৱেষকসকলে এই ফলাফল লাভ কৰিছিল।

গৱেষণাটোত দেখা গৈছে যে ৰাতি টোপনি নোযোৱা লোকৰ মগজুৰ তৰংগৰ আচৰণ নিয়মিতভাৱে শুই থকা প্ৰাপ্তবয়স্ক লোকৰ মগজুৰ তৰংগৰ দৰে নহয়। অৰ্থাৎ ৰাতি সাৰে থাকি কাম কৰাৰ প্ৰভাৱ মগজুৰ তৰংগত পৰে।

সেইবাবেই ৰাতি টোপনি নাহিলে কম বয়সতে মগজু বুঢ়াৰ দৰে হৈ পৰে। জাৰ্মান গৱেষক ইভামাৰিয়া এলমেনহৰ্ষ্টৰ মতে, টোপনিৰ অভাৱত মগজুৰ তৰংগৰ যথেষ্ট পৰিৱৰ্তন ঘটে। সেয়ে যুৱ মগজুৱে বৃদ্ধৰ মগজুৰ দৰেই আচৰণ কৰিবলৈ আৰম্ভ কৰে।

মানুহৰ দৈনন্দিন জীৱনত টোপনিৰ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰিব নোৱাৰি। মানুহৰ চিন্তা আৰু স্মৃতিশক্তিৰ বিকাশত টোপনিয়ে মুখ্য ভূমিকা পালন কৰে। প্ৰয়োজনীয় জিৰণিয়ে শৰীৰক নতুন দিনৰ বাবে সাজু কৰি তোলে। সেয়ে ৰাতি প্ৰয়োজনীয় নিদ্ৰা গ্ৰহণ কৰিব লাগে।